অসম

assam

President Election : যশোৱন্ত সিনহাক সমর্থন আপৰ, মমতাৰ দোদুল্যমান স্থিতিত উদ্বিগ্ন বিৰোধী

By

Published : Jul 16, 2022, 6:45 PM IST

গুৰুত্বপূৰ্ণ কথাটো হৈছে শেহতীয়াভাৱে ৰাজনৈতিক পৰ্যালোচকসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে মমতা বেনাৰ্জীৰ ওপৰত । কিয়নো সম্প্ৰতি মমতা বেনাৰ্জীৰ কিছু কাৰ্যকলাপে ৰাজনৈতিক মহলত ৰাষ্ট্ৰপতি পদত মমতাৰ সমৰ্থন সন্দৰ্ভত বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে । একাংশই আকৌ স্পষ্টভাৱেই উল্লেখ কৰিছে যে মমতাই অন্তিম মুহূৰ্তত দ্ৰৌপদীকেই সমৰ্থন জনাব । ইয়াৰ কাৰণো আছে বহুকেইটা (will Mamata support Draupadi at last minute ?) ।

a
a

নিউজ ডেস্ক, ১৬ জুলাই :১৮ জুলাইত দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (presidential election on July 18) । ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত এতিয়া শাসক-বিৰোধীৰ মাজত অংক-জংক-পংক । এনডিএ নেতৃত্বাধীন শাসকীয় দলৰ মনোনীত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু (Ruling party Presidential candidate Draupadi Murmu) নে বিৰোধীৰ যশোৱন্ত সিনহা (Opposition party Presidential candidate Yashwant Sinha), কোনে পাব দেশৰ প্ৰথম নাগৰিকৰ সন্মান (First citizen of India) ? তাকে লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা ।

ভোটৰ অংকত আৰম্ভণিতে বেক ফুটত আছিল বিজেপি (initially BJP on back foot in electoral college) । কিয়নো ইলেক্ট্ৰৰেল কলেজত ভোটৰ মূল্য বিৰোধী শিবিৰতকৈ কম বিজেপিৰ । কিন্তু যিমানে নিৰ্বাচনৰ দিন সমাগত হৈছে সিমানে এই ছবিখন সলনি হ'ব ধৰিছে । ইয়াৰ বহুকেইটা কাৰণ আছে ।

কাৰণ হিচাবে প্ৰথমতে উল্লেখ কৰিব পাৰি দ্ৰৌপদী মুৰ্মুৰ গৃহৰাজ্য ওড়িশা চৰকাৰৰ দ্ৰৌপদী মুৰ্মুক সমৰ্থনৰ সিদ্ধান্ত । ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজু জনতা দলৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৰাজ্যখনৰ ভূমিকন্যা হিচাবে দ্ৰৌপদী মুৰ্মুক সমৰ্থনৰ সিদ্ধান্ত লয় (Navin Patnayak supported Draupadi Murmu)। এনডিএৰ অংশীদাৰ নোহোৱা সত্ত্বেও বিজেডিৰ এই সিদ্ধান্ত এনডিএৰ বাবে লাভজনক বিবেচিত হৈছে ।

একেদৰে জনজাতীয় মহিলা হোৱাৰ বাবেই বিৰোধী কংগ্ৰেছৰ নিজা প্ৰাৰ্থী থকা সত্ত্বেও দ্ৰৌপদী মুৰ্মুক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে । কেৱল জনজাতীয় স্বাৰ্থৰ খাতিৰতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে দ্ৰৌপদীক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰে । এয়াও বিজেপি তথা এনডিএৰ বাবে আন এক মাষ্ট্ৰাৰ ষ্ট্ৰোক (BJP nominated Presidential candidate Draupadi Murmu)।

একেদৰে এক প্ৰকাৰ নিজৰ ভৰিৰ তলৰ মাটি হেৰুওৱাৰ উপক্ৰম হোৱা মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেয়ে নিজৰ শিবিৰৰ শিৱসেনাৰ সাংসদ তথা বিধায়কসকলৰ হেঁচাত পৰি দ্ৰৌপদীক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগা হৈছে । কিয়নো থাকৰে শিবিৰত এতিয়াও বহুকেইজন জনজাতীয় সাংসদ-বিধায়ক আছে । সেয়ে ৰাজ্যখনৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত উদ্ধৱ থাকৰেয়ে নতুনকৈ কোনো ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি বিচৰা নাই । যাৰ বাবে লাভৱান হৈছে এনডিএ শিবিৰ ।

তেনেক্ষেত্ৰত বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশোৱন্ত সিনহাৰ বাবে আহি পৰিছে তীব্ৰ প্ৰত্যাহ্বান । কিয়নো শেহতীয়া পৰিস্থিতি বিবেচনা কৰিলে দ্ৰৌপদী মুৰ্মুৰ ফালে তুলাচনী হাউলি থকা দেখা যায় । কিন্তু তাৰ মাজতে যশোৱন্ত সিনহাৰ বাবে কিছু স্বস্তিৰ খবৰ হৈছে ৰাষ্ট্রপতি নির্বাচনত তেওঁক সমর্থন কৰিব আম আদমি পার্টিয়ে (আপ)। শনিবাৰে এই কথা জনাইছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে (Aam Admi party supported Yashwant Sinha) । তেওঁ কয়, ‘‘দ্রৌপদী মুর্মুৰ প্রতি আমাৰ শ্রদ্ধা আছে । কিন্তু আমি যশোৱন্ত সিনহাকেই সমর্থন কৰিম ।’’

শনিবাৰে আপৰ ৰাজনৈতিক বিষয়ক কমিটি এই সন্দৰ্ভত বৈঠকত মিলিত হয় । বৈঠকত উপস্থিত থাকে দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল, দিল্লীৰ উপ-মুখ্যমন্ত্রী মণীষ ছিছোডিয়া, সঞ্জয় সিং, পঞ্জাবৰ সাংসদ ৰাঘৱ চাড্ডা, দিল্লীৰ বিধায়ক আতীশী মাৰ্লেনাসহ কমিটিৰ সদস্যসকল । উল্লেখ্য, দিল্লী আৰু পঞ্জাবত ক্ষমতাত আছে কেজৰিৰ দল । দুয়োখন ৰাজ্যৰ পৰা ১০ জন ৰাজ্যসভাৰ সাংসদ আছে দলটোৰ । দেশত আপৰ মুঠ বিধায়কৰ সংখ্যা ১৫৬। তাৰে ভিতৰত ৯২ জন পঞ্জাবৰ, ৬২ জন দিল্লীৰ আৰু দুজন গোৱাৰ । সেয়ে ৰাষ্ট্রপতি নির্বাচনত আপৰ দৰে দলৰ বিজেপি-বিৰোধী প্রার্থীক সমর্থন যথেষ্ট গুৰুত্বপূর্ণ । ইতিমধ্যেই মমতা বেনাৰ্জীৰ তৃণমূল আৰু কেচিআৰৰ দল তেলেঙ্গানা ৰাষ্ট্র সমিতিয়ে (টিআৰএছ) যশোৱন্ত সিনহাক সমর্থনৰ কথা ঘোষণা কৰিছে ।

তাৎপৰ্যপূৰ্ণভাৱে, বিজেপি নেতৃত্বাধীন এনডিএৰ ৰাষ্ট্রপতি প্রার্থী দ্রৌপদী মুর্মুক সমর্থনৰ কথা ঘোষণা কৰিছে নবীন পাটনায়কৰ বিজেডি, জগন্মোহনৰ ৱাইএছআৰ কংগ্রেছ, মায়াৱতীৰ বিএছপি, এআইএডিএমকে, টিডিপি, জেডিএছ, শিৰোমণি আকালি দল, ঝাৰখণ্ডৰ কংগ্ৰেছ আৰু শিৱসেনাই । সেই কাৰণে ৬০ শতাংশ ভোট ইতিমধ্যে দখল কৰিছে দ্রৌপদীয়ে । মনোনয়ন জমা দিয়াৰ সময়তেই ৫০ শতাংশ ভোট আছিল দ্ৰৌপদী মুৰ্মুৰ দখলত ।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শেহতীয়াভাৱে ৰাজনৈতিক পৰ্যালোচকসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে মমতা বেনাৰ্জীৰ ওপৰত । কিয়নো সম্প্ৰতি মমতা বেনাৰ্জীৰ কিছু কাৰ্যকলাপে ৰাজনৈতিক মহলত ৰাষ্ট্ৰপতি পদত মমতাৰ সমৰ্থন সন্দৰ্ভত বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে । একাংশই আকৌ স্পষ্টভাৱেই উল্লেখ কৰিছে যে মমতাই অন্তিম মুহূৰ্তত দ্ৰৌপদীকেই সমৰ্থন জনাব । ইয়াৰ কাৰণো আছে বহুকেইটা ।

মনত ৰাখিবলগীয়া কথাটো হৈছে, বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে যশোৱন্ত সিনহাক প্ৰক্ষেপ কৰিছিল মমতা বেনাৰ্জীয়েই (Mamata Banerjee projected Yaswant Sinha as opposition's presidential candidate) । ১০টাতকৈও অধিক বিৰোধী দলৰ বৈঠকত যশোৱন্ত সিনহাৰ নাম প্ৰস্তাৱ কৰিছিল মমতাই । পিছত কংগ্ৰেছেও সেয়া সমৰ্থন কৰাত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে মনোনীত হয় যশোৱন্ত সিনহা । অৱশ্যে এই ক্ষেত্ৰত পূৰ্বতেই অসন্তুষ্টি প্ৰকাশ কৰি মায়াৱতীয়ে দ্ৰৌপদীক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ মমতাৰ ওপৰত ৰাজনৈতিক মহলৰ সন্দেহৰ কাৰণ কি । প্ৰথম কাৰণ হৈছে যোৱা ১ জুলাইত মমতাই আগবঢ়োৱা এটা মন্তব্য । বিৰোধী শিবিৰৰ উমৈহতীয়া প্ৰাৰ্থী মমতাই নিজে প্ৰস্তাৱ তথা ঘোষণা কৰাৰ পিছতো দ্ৰৌপদী মুৰ্মু সন্দৰ্ভত দিয়া মন্তব্যই এতিয়া সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে । ১ জুলাইত মমতাই কৈছিল যে যদি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী নাথাকিলহেঁতেন তেন্তে তেওঁ দ্ৰৌপদী মুৰ্মুকে সমৰ্থন আগবঢ়ালেহেঁতেন বা আগতীয়াকৈ যদি বিজেপিয়ে দ্ৰৌপদীক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব প্ৰদানৰ কথাটো জানিলেহেঁতেন তেন্তে তেওঁ প্ৰাৰ্থী আগনবঢ়ালেহেঁতেন ! অৱশ্যে তেওঁ এই কথা দ্ৰৌপদী এগৰাকী মহিলা আৰু জনজাতীয় সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে কোৱা বুলি স্পষ্টীকৰণো আগবঢ়ায় ।

কিন্তু তাৰ পিছতে ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত অন্য এক বিষয়ে চৰ্চা লাভ কৰে । সেয়া হৈছে প্ৰকাৰন্তৰে মমতাই দ্ৰৌপদীক পৰোক্ষভাৱে সমৰ্থনৰ ইংগিত দিছে নেকি ? উল্লেখ্য, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ আহোঁতে তেওঁ জনজাতীয় অধ্যুষিত অঞ্চল দাৰ্জিলঙক নিৰ্বাচন কৰিছিল আৰু তাতেই তেওঁ বিজেপি তথা অন্যান্য বিধায়ক-সাংসদসকলৰ সৈতে আলোচনাত মিলিত হৈছিল । তাত উপস্থিত আছিল বহুকেইজন জনজাতীয় বিধায়ক-সাংসদ ।

২০১৯ৰ লোকসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ জনজাতীয় ভোট লাভ কৰিছিল বিজেপিয়ে । তৃণমূলে জনজাতীয় ভোটাৰৰ সমৰ্থন আদায়ত বিফল হৈছিল । সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত জনজাতীয় নেতাসকলক নিজ দলৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে জনজাতীয় ভোট নিজৰ দখললৈ আনিবলৈ হয়তো শেষ মুহূৰ্তত মমতাই দ্ৰৌপদীক সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ অনুমান । লগতে দাৰ্জিলিঙত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা মমতাৰ বৈঠকতো ইয়াৰ কিবা সংযোগ থাকিব পাৰে বুলি ভূৰখা মহলৰ মত ।

আনহাতে, মমতা বেনাৰ্জীৰ এটা বদনাম আছে মহিলা বিদ্বেষী হিচাবে । তেওঁ ৰাজনৈতিক ক্ষেত্ৰৰ মহিলাসকলক নিজৰ প্ৰতিদ্বন্দ্বী হিচাবে বিবেচনা কৰে আৰু তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখে বুলি পূৰ্বৰে পৰা এটা অভিযোগ আছে । সেয়ে এইবাৰ সেই অপবাদ মচিবলৈয়ে মমতাই দ্ৰৌপদী মুৰ্মুক সমৰ্থনৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলি আন একাংশৰ মত ।

যদি ইয়াৰে এটাও নহয়, তেন্তে মমতাই শেষ এপাট অস্ত্ৰ এৰিব পাৰে । সেয়া হৈছে ক্ৰছ ভোটিং । ৰাজনৈতিক বিশ্লেষকসকলৰ অনুমান, অন্তিম মুহূৰ্তত তৃণমূলৰ সাংসদ-বিধায়কসকলক হয়তো নিজৰ বিবেচনা অনুযায়ী ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ কৰ্তৃত্ব (অঘোষিত) প্ৰদান কৰিব পাৰে । তেনেক্ষেত্ৰত একাংশ তৃণমূলৰ ভোট দ্ৰৌপদী মুৰ্মুৰ পক্ষত পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি । ফলত হেলাৰঙে দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হ'ব । উল্লেখ্য, ২০২২ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যদি দ্রৌপদী মুৰ্মু জয়ী হয় তেন্তে তেৱেঁই হ'ব দেশৰ প্রথম আদিবাসী মহিলা ৰাষ্ট্রপতি (Draupadi Murmu will first tribal woman president) । আৰু সেই পথত ইতিমধ্যে ৬০ শতাংশ আগবাঢ়ি আছে দ্ৰৌপদী মুৰ্মু ।

লগতে পঢ়ক :Minister Kiren Rijiju in MNLU: দেশৰ আদালতত ৫ কোটিৰো অধিক গোচৰ বিচৰাধীন

ABOUT THE AUTHOR

...view details