নেশ্যনেল ডেস্ক, ৪ ছেপ্তেম্বৰ :সম্প্ৰতি অসমত উপ নিৰ্বাচনৰ (Bye election) বতাহ বলিছে । ৰাজনৈতিক দলসমূহে উপ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । কিন্তু তাৰ মাজতে কংগ্ৰেছ মহাজোঁটত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে । মহাজোঁটৰ অন্যতম দল এআইইউডিএফৰ (AIUDF) সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ইফালে বদৰুদ্দিন আজমলৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (AIUDF) সৈতে মিত্ৰতা ভংগ কৰাৰ ৰাজ্যিক সমিতিৰ সিদ্ধান্ত সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত ল'ব । ইতিমধ্যে বিষয়টো আলোচনাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Borah) দিল্লীত উপস্থিত হৈছে ।
অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে ভূপেন বৰাক সাক্ষাৎ কৰিছে । আনহাতে ৰাজ্যিক সমিতিয়ে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিলেও কংগ্ৰেছে আহ্বান কৰা বিৰোধী দলৰ প্ৰায় প্ৰতিখন সভাতে আজমলৰ অংশগ্ৰহণে দলটোৰ ভিতৰচ'ৰাত এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে । দলৰ এক সূত্ৰই জানিবলৈ দিয়া মতে ভূপেন বৰাসহ কংগ্ৰেছৰ একাংশ নেতাই এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ একপক্ষীয় ঘোষণাৰ পিছতে দিল্লীত ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰে ৷
বৈঠকৰ পাছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত দলৰ নেতাসকলৰ মতামত হাই কমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে । বিজেপিৰ সৈতে আভ্যন্তৰীণ মিত্ৰতাৰ অভিযোগ তুলি এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল কংগ্ৰেছৰ ৰাজ্যিক গোটে । কিন্তু এতিয়াও বিষয়টোকলৈ দ্বিধাত আছে ৰাজ্যিক গোট । কাৰণ কংগ্ৰেছক সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন জনাই আহিছে এআইইউডিএফ প্ৰধান আজমলে ।