অসম

assam

By

Published : Aug 5, 2021, 9:04 PM IST

ETV Bharat / bharat

মমতা বেনাৰ্জীৰ সৈতে হাত মিলাব নেকি অখিল গগৈয়ে ?

অখিল গগৈক তৃণমূল কংগ্ৰেছৰ সৈতে চামিল হোৱাৰ বাবে আহ্বান জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ৷ সংবাদ মাধ্য়মৰ আগত এই কথা নিজ মুখে প্ৰকাশ কৰিছে অখিল গগৈয়ে ৷ কি হ'ব ইয়াৰ পৰৱৰ্তী প্ৰেক্ষাপট ?

will-akhil-gogoi-join-hands-with-mamata-banerjee
মমতা বেনাৰ্জীৰ সতে হাত মিলাব নেকি অখিল গগৈয়ে ?

নিউজ ডেস্ক,5 আগষ্ট : শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈক তৃণমূল কংগ্ৰেছৰ সৈতে সংযুক্ত হোৱাৰ আহ্বান জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই কথা নিজ মুখে প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে ৷ বেনাৰ্জীয়ে তেওঁক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতিৰ পদ আগবঢ়াইছে ৷ এই সন্দৰ্ভত তেওঁ মমতা বেনাৰ্জীৰে কেইবাবাৰো মিলিত হৈছে বুলি প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে প্ৰকাশ কৰে যে, "মমতা বেনাৰ্জীয়ে মোক কেইবাবাৰো কলকাতালৈ নিমন্ত্ৰণ জনাইছিল ৷ মই দুবাৰকৈ কলকাতালৈ গৈছোঁ আৰু তেওঁক লগ পাইছো ৷ তেওঁ মোক তৃণমূল কংগ্ৰেছৰ অসম গোট আৰম্ভ কৰিবলৈ আৰু অসমত দলটোৰ নেতৃত্ব দিবলৈ প্ৰস্তাৱ দিছে ৷ মোৰ এই বিষয়ত লুকুৱাবলৈ একো নাই" ৷ আনহাতে, এই বিষয়টো ইতিমধ্যে ৰাইজৰ দলত আলোচনা কৰা হৈছে বুলিও জনালে বিধায়ক অখিল গগৈয়ে ৷

কিন্তু দলে এতিয়াও এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে অখিল গগৈয়ে ৷

লগতে পঢ়ক :শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

উল্লেখ্য যে, শেহতীয়া অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক প্ৰতিহত কৰিবলৈ আঞ্চলিকতাবাদী দলসমূহক একত্ৰিত হোৱাৰ বাবে বহুবাৰ আহ্বান জনাইছিল বিধায়ক অখিল গগৈয়ে ৷ লগতে দেশ তথা ৰাজ্যৰ উন্নয়ন কেৱল আঞ্চলিক দলৰ দ্বাৰাহে সম্ভৱ নীতিৰ পক্ষপাতি আছিল অখিল গগৈ ৷ সংবাদ মাধ্যমৰ আগত নেতা গৰাকীয়ে কয় যে, "আমি ৰাজ্যখনৰ জনসাধাৰণৰ বাবে আঞ্চলিক অনুভূতি আৰু প্ৰতিশ্ৰুতিৰ সৈতে এটা আঞ্চলিক গণতান্ত্ৰিক দল ৷ এক আঞ্চলিক দল হিচাপে আমি সদায় অন্যান্য ক্ষেত্ৰত আঞ্চলিক ৰাজনৈতিক দলবোৰৰ সৈতে সমন্বয় ৰখাত বিশ্বাস কৰো ৷"

ইফালে 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি অখিলে কয় যে, যেনেদৰে 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ পাছত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ যিদৰে সমগ্ৰ দেশ একত্ৰিত হৈছিল এতিয়া বিজেপিক প্ৰতিহত কৰিবলৈ তেনে সকলো আঞ্চলিক ৰাজনৈতিক দল এক হোৱাৰ দৰকাৰ ৷ যাৰবাবে সকলো আঞ্চলিক ৰাজনৈতিক দল শীঘ্ৰেই একত্ৰিত হ'বলৈ গৈ আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক :সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

আনহাতে, ৰাজ্যৰ আন আন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতেও যোগাযোগ কৰিছে বুলি জনালে অখিল গগৈয়ে ৷ লগতে ৰাইজৰ দল আঞ্চলিক ৰাজনৈতিক দলসমূহৰ ফেডাৰেচনৰ সৈতে থাকিব বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷ উল্লেখ্য যে, ৰাজ্যত কা বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত 2019 চনৰ ডিচেম্বৰত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক ৷

কেইবাটাও গোচৰত দোষী সাব্যস্ত হৈ 18 মাহ কাৰাগাৰত থকাৰ পাছত শেহতীয়াকৈ দোষমুক্ত হৈছে নেতা গৰাকী ৷ লগতে কাৰাগাৰৰ পৰাই 2021ৰ অসম বিধাসভা নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়াই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে অখিল গগৈ ৷

লগতে পঢ়কঃকাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

For All Latest Updates

ABOUT THE AUTHOR

...view details