ত্ৰিপুৰা,27 এপ্ৰিল: ত্ৰিপুৰাৰ উদয়পুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম শালগাৰা অঞ্চলত সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা ৷ পত্নীক হত্যা কৰি আৰক্ষীৰ পৰা পলাই সাৰিবলৈ গোমতী নদীত জপিয়াই অভিযুক্তই ৷
স্থানীয় সূত্ৰই জনোৱা মতে, হাকিম মিয়া আৰু ৰুষ্ণা বিবি নামৰ দম্পতীটোৱে দীৰ্ঘদিনৰে পৰা পাৰিবাৰিক কাজিয়াত লিপ্ত হৈ আছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে দুয়োৰে মাজত আৰম্ভ হয় তীব্ৰ বিবাদ ৷ ইয়াৰ পাচতে খঙতে মিয়াই আক্ৰমণ কৰে পত্নীক ৷