নেশ্যনেল ডেস্ক, ২৯ মে':২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা সেনা মেজৰ বিভূতি শংকৰ ধৌণ্ডিয়ালৰ বিধৱা পত্নীৰ যোগদান সেনা বাহিনীত । শনিবাৰে দেশ সেৱাৰ বাবে সেনা বাহিনীত যোগদান কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ পোছাক পৰিধান কৰিলে শ্বহীদ পত্নী নীতিকা কৌলে । উ
ল্লেখ্য যে, জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুওৱা তেওঁৰ স্বামীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ আনুষ্ঠানিকভাৱে লেফটেনেণ্ট নীতিকা কৌল ধৌণ্ডিয়াল হিচাপে ভাৰতীয় সেনাত যোগদান কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উধমপুৰৰ পিআৰঅ'য়ে এক টুইট যোগে এই বাৰ্তা দিয়াৰ লগতে শ্বহীদ পত্নীকলৈ গৌৰৱান্বিত বুলি মন্তব্য কৰে । ইফালে স্বামীৰ মৃত্যুৰ ছয় মাহ পিছত নীতিকাই এছ.এছ.চি. পৰীক্ষা আৰু এছ.এছ.বি. সাক্ষাৎকাৰত উত্তীৰ্ণ হৈছিল আৰু তেওঁক প্ৰশিক্ষণৰ বাবে চেন্নাইৰ অফিচাৰ ট্ৰেইনিং একাডেমীত (ও.টি.এ.) কমিছন কৰা হৈছিল ।
২০১৯ চনতে নীতিকাই সংবাদমাধ্যমৰ সন্মুখত এক সাক্ষাৎকাৰত প্ৰতিজন ভাৰতীয়ক সহানুভূতি শীল হোৱাৰ পৰিৱৰ্তে শক্তিশালী আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছিল । উল্লেখ্য যে পুলৱামা জিলাত জইছ-ই-মহম্মদ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত নিহত হোৱা চাৰিজন সেনা জোৱানৰ ভিতৰত ডেৰাডুনৰ বাসিন্দা মেজৰ ধৌণ্ডিয়াল আছিল ।
লগতে পঢ়ক:দেশত অক্সিজেন এক্সপ্ৰেছৰ দ্বাৰা ২০ হাজাৰ মেট্ৰিক টন অক্সিজেন যোগান