নিউজ ডেস্ক, ৯ জুন : স্বামী-স্ত্ৰীৰ সুখৰ সংজ্ঞা কি ? এখন সুন্দৰ ঘৰ, বিলাসী জীৱন, সন্তান, আমোদ-প্ৰমোদ.. । নিশ্চিতভাৱে এইকেইটা কথা আপাত দৃষ্টিত মনলৈ আহিলেও ইয়াৰ মাজতো লুকাই থাকে আন কেতবোৰ বিষয় । স্বামী-স্ত্ৰীৰ মাজত মনৰ মিল, আন্তৰিক ভাব বিনিময়, মতাদৰ্শ, ইজনৰ সিজনৰ প্ৰতি থকা ভালপোৱাও ইয়াৰ এক অন্যতম প্ৰাথমিক চৰ্ত । কিন্তু স্বামী-স্ত্ৰীৰ মাজত যদি শাৰীৰিক দূৰত্ব থাকে তেনেহ'লে জানো সেই সংসাৰ সুখৰ বুলিব পাৰি ?
নিশ্চিতভাৱে যদি স্বামী-স্ত্ৰী দুয়োৱে নিজৰ সংগীৰ পৰা দৈহিক সুখ লাভ কৰিব নোৱাৰে তেন্তে সেই সংসাৰ সুখৰ বুলিব নোৱাৰি । সেই কথাকে অভিযোগ হিচাপে দাখিল কৰিছে এগৰাকী ২১ বছৰীয়া বিবাহিতা মহিলাই । তেওঁৰ অভিযোগ, স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক নথকাৰ বাবেই তেওঁৰ জীৱনত সুখ নাই (Wife complains against husband no physical contact) !
ঘটনাটো বেংগালুৰুৰ । বেংগালুৰুৰ আনেকালৰ পাৰাপ্পানা অগ্ৰহৰা আৰক্ষী থানাত বিবাহিতা মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰি কৈছে যে তেওঁ স্বামীৰ পৰা সুখ লাভ কৰা নাই । মহিলাগৰাকীৰ অভিযোগ, পৰিয়ালে ঠিক কৰি দিয়া এজন যুৱকৰ সৈতে তেওঁৰ বিয়া হৈছিল । কিন্তু বিয়াৰ পিছতে পৰিয়াল তথা তেওঁ দেখা ভৱিষ্যতৰ সকলো সপোন থানবান হৈ যোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ মহিলাগৰাকীৰ (Bangalore wife complain against husband) ।