নেশ্যনেল ডেস্ক,২১ আগষ্ট :উত্তৰ প্ৰদেশৰ কাণপুৰত বিজেপি নেতাৰ বিলৈ । ৰাস্তাৰ মাজতে জোতা-চেণ্ডেলৰ কোব খালে নেতাজনে (BJP leader thrashed in Kanpur)। অবৈধ প্ৰেমৰ বাবেই পত্নী আৰু পৰিয়ালৰ সদস্যই প্ৰহাৰ কৰে বিজেপি নেতাজনক (Wife beat bjp leader) । বিজেপি নেতাজনে পাৰ্কত আন মহিলাৰ সৈতে প্ৰেমলীলা কৰি থাকোতেই হাতে লোটে ধৰিলে পত্নী আৰু ঘৰৰ মানুহে (BJP leader caught with girl)।
এই ঘটনা দক্ষিণ কাণপুৰৰ । লম্পট বিজেপি নেতাজন হৈছে মোহিত সোনকাৰ । ৬ বছৰ পূৰ্বে মোহিত মনি সোনকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু মোহিতে দীৰ্ঘদিন ধৰি পত্নী মনিক হাৰাশাস্তি কৰি থকাৰ অভিযোগ কৰিছে । প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । মোহিতৰ আন মহিলাৰ সৈতে সম্পৰ্ক থকাৰো সন্দেহ হৈছিল পত্নীৰ ।