নিউজ ডেস্ক, ৩ ডিচেম্বৰ :মুম্বাই অপৰাধ শাখাই (Mumbai Crime Branch) শুকুৰবাৰে এগৰাকী মহিলা আৰু তেওঁৰ অবৈধ প্ৰেমিকক তেওঁৰ স্বামী কমলকান্ত শ্বাহক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (woman and paramour murdered husband) । অভিযোগ অনুসৰি, তেওঁ আঢ়ৈ মাহ পূৰ্বে তেওঁৰ স্বামীক বিষ দি হত্যা কৰিছিল । উক্ত হত্যাকাণ্ডৰ অভিযুক্ত হিচাবে কবিতা শ্বাহ আৰু তেওঁৰ প্ৰেমিক হিতেশ জৈন বুলি চিনাক্ত কৰা হৈছে (woman allegedly poisoned husband) ।
আৰক্ষীয়ে জনোৱা মতে, মৃত কমলকান্ত শ্বাহ (৪৫) ছাণ্টাক্ৰুজ পশ্চিমৰ বাসিন্দা আছিল । তেওঁ ২০০২ চনত কবিতাৰ (৪৫) সৈতে বিবাহপাশত আবদ্ধ হৈছিল । অভিযুক্ত হিতেশ জৈন কমলকান্তৰ বন্ধু আছিল । দুয়োৱে পোছাকৰ ব্যৱসায় কৰিছিল । সেই সূত্ৰে কবিতাৰ সৈতে হিতেশৰ পৰিচয় । তাৰ পিছত প্ৰায় এক দশক পূৰ্বে তেওঁৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হয় কবিতা । ইয়াৰ ফলত পতি-পত্নীৰ মাজত ব্যৱধানৰ সৃষ্টি হয় আৰু তেওঁলোকে সঘনাই কাজিয়াত লিপ্ত হ'বলৈ আৰম্ভ কৰে ।
কিন্তু ২০২২ চনৰ জুন মাহত যেতিয়া কমলকান্তৰ মাতৃৰ মৃত্যু হয়, তেতিয়া জৈন আৰু কবিতাই মিলি শ্বাহক হত্যা কৰি তেওঁৰ সকলো সম্পত্তি হস্তগত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে । তেওঁলোকে তেওঁৰ খাদ্যত আৰ্ছেনিক মিহলি কৰিবলৈ আৰম্ভ কৰে । তেওঁ এনেদৰে একাধিকবাৰ লাহে লাহে বিহ সেৱন কৰাই থাকে (wife killed husband by slow poisoning) । যাৰ ফলত সময়ৰ লগে লগে তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে । ইয়াৰ পিছত শ্বাহক প্ৰথমতে ২৭ আগষ্টত আন্ধেৰীৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (CritiCare Hospital in Andheri) ।