নিউজ ডেস্ক,15মাৰ্চ: (আই এ এন এছ লাইফ) বিশ্বজুৰি চলা এক সমীক্ষাই সমগ্ৰ বিশ্বৰে মহিলা সকলৰ মাজত বিৰাজ কৰা আত্মপ্ৰেম সংকটক চিনাক্ত কৰি উলিয়াইছে ৷ প্ৰতি দুগৰাকী মহিলাৰ এগৰাকীয়েই নিজকে ভালপোৱাৰ তুলনাত আত্মগ্লানিত ভুগে আৰু প্ৰায় ৬০ শতাংশ মহিলাই আশা কৰে যে তেওঁলোকৰ নিজৰ প্ৰতি আৰু অধিক সন্মান থাকিব লাগিছিল ৷
“দ্য বডী শ্বপ গ্লবেল ছেল্ফ লাভ ইণ্ডেক্স” অনুসৰি আত্মপ্ৰেমৰ ক্ষেত্ৰত ভাৰতবৰ্ষই দশম স্থানেৰে মধ্যম স্থানত অৱস্থান গ্ৰহণ কৰি আছে ৷ আনহাতে দক্ষিণ কোৰিয়া, ছৌদি আৰৱ আৰু ফ্ৰাঞ্চে একেবাৰেই সৰ্বনিম্ন স্থান দখল কৰি থকাৰ বিপৰীতে ডেনমাৰ্ক, অষ্ট্ৰেলিয়া আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ আছে সৰ্বোচ্চ স্থানত ৷
২০২০ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত “দ্য বডী শ্বপ” আৰু বজাৰ গৱেষণা সন্থা ‘ইপছ’ছ’ৰ দাৰা ২১ খন বিভিন্ন দেশৰ ২২ হাজাৰতকৈও অধিক লোকৰ ওপৰত এই অধ্যয়ন সম্পন্ন কৰা হৈছিল ৷ ছেল্ফ ইণ্ডেক্সত সুস্বাস্থ্য আৰু সুখী হোৱাৰ বাবে কেইবাটাও শৈক্ষিক মাপকাঠি সংযোজিত হৈ আছে ৷ ইয়াৰ লগতে বয়স, লিংগ, দেশ আৰু জীৱন ধাৰণৰ শৈলীয়ে কেনেদৰে নিজে নিজৰ সম্পৰ্কত অনুভৱ কৰে তাৰ ওপৰত উপলব্ধি কৰা হয় ৷
ইয়াৰ মাজতে, ‘দ্য বডী শ্বপে’ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বৃটিছ সমাজ কৰ্মী তথা অভিনেত্ৰী জামিলা জামিলৰ সহযোগত ‘ছেল্ফ লাভ আপৰাইজিং’ নামেৰে বিশ্বব্যাপি এক আন্দোলনৰ সূচনা কৰিছে ৷ জামিলাই কৈছে, “মই আত্মপ্ৰেমৰ অভাৱক এক আৱেগিক মহামাৰী হিচাপে গণ্য কৰো আৰু ইয়েই আমাৰ যুৱ প্ৰজন্মক সকলোতকৈ বেছি আঘাত হানিছে ৷ আত্মপ্ৰেম এক আভ্যন্তৰীণ বিষয় আৰু সকলোৱে এবাৰৰ বাবে হ’লেও নিজকে ভাল পাবৰ বাবে এক ইতিবাচক পদক্ষেপ লওঁ আহক ৷ এগৰাকী মহিলা হিচাপে নিজকে লৈ গৌৰৱ অনুভৱ কৰা আৰু নিজে যি সেইয়াই ‘যথেষ্ট’ বুলি বিশ্বাস কৰাটো এক সামাজিক আৰু ৰাজনৈতিক প্ৰতিৰোধ ৷”
ব্ৰাণ্ডটোৱে তিনি গৰাকী ভাৰতীয় সমাজকৰ্মী তথা ‘লিডিং লাইটছ’ হিচাপে পৰিচিত ত্ৰিনেত্ৰ হালদাৰ গুম্মাৰাজু, এলেক্স মেথিউ আৰু অংকিতা চতুৰ্বেদীৰ সৈতে লগ লাগিছে ৷
“দ্য ছেল্ফ লাভ ইণ্ডেক্স”ৰ মূল অনুসন্ধান সমূহৰ ভিতৰত হ’ল:-
ভাৰতীয় লোকৰ আত্মপ্ৰেমৰ সূচকাংক হ’ল ৫২, এই সংখ্যা হ’ল বিশ্বৰ গড় সূচকাংক (৫৩) তকৈ এক নম্বৰ কম ৷
যি নহওক, ভাৰতত আত্মপ্ৰেম বয়স বঢ়াৰ লগে লগে বৃদ্ধি পাই ৷ ৩৫ বছৰতকৈ তলৰ সকলৰ মাজত আত্মপ্ৰেমৰ সূচকাংক আটাইতকৈ কম, শতকৰা ২৫ শতাংশ হোৱাৰ সম্ভাৱনাই বেছি (৫৫ তথা তাতকৈ ওপৰৰ সকলৰ ২০ শতাংশৰ তুলনাত ৩৭ শতাংশ) ৷ আনহাতে যিসকল লোক অকলশৰীয়া তেওঁলোকৰ আত্মপ্ৰেম অতি কম ৷ তেওঁলোকৰ গড় সূচকাংক হ’ল ৪৯ ৷ দেশৰ অন্যান্য প্ৰান্তৰ লোক সকলৰ তুলনাত উত্তৰত বসবাস কৰা লোক সকলৰ আত্মপ্ৰেম সূচকাংক (৫০) আছিল কম ৷
ইফালে, সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ আত্মপ্ৰেম সূচকাংক হৈছে ৪৬ ৷ এই সংখ্যা আছিল সংখ্যালঘু সম্প্ৰদায়ত নপৰা লোক সকলৰ আত্মপ্ৰেম সূচকাংক ৫৪ তকৈ কম ৷ বিশেষভাৱে সক্ষম সকলৰ ভিতৰত ৫৪ শতাংশৰ আত্মপ্ৰেম সূচকাংক হ’ল সৰ্বনিম্ন ২৫ শতাংশ ৷
অৰ্থনৈতিক অৱস্থাইও আত্মপ্ৰেমক প্ৰভাৱিত কৰে ৷ অৰ্থনৈতিকভাৱে সুচল অৱস্থাৰ অধিকাৰি নোহোৱা ৪০ শতাংশ লোকৰ আত্মপ্ৰেম সূচকাংকও আছিল সৰ্বনিম্ন ২৫ শতাংশ ৷ উভয়ৰে আত্মপ্ৰেম সূচকাংক আছিল ৪৬ ৷
এক উচ্চ পৰ্যায়লৈকে শিক্ষা লাভ কৰা লোক সকলৰ আত্মপ্ৰেম আছিল অধিক ৷ আনহাতে যি সকলে বিশ্ববিদ্যালয় পদুলি গৰকা নাছিল,সেই সকলৰ আত্মপ্ৰেমৰ সূচকাংক ৪৭ অৰ তুলানত ৷ যি সকলে স্নাতক পৰ্যায়লৈকে অধ্যয়ন কৰিছিল তেওঁলোকৰ সূচকাংক আছিল ৫৩ ৷
বিশ্বব্যাপি ছ'চিয়েল মিডিয়া ব্যৱহাৰ আৰু আত্মপ্ৰেমৰ সূচকাংকৰ মাজত যি সম্পৰ্ক, অৰ্থাৎ যিমানেই অধিক ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ বাঢ়ি গৈছে সিমানেই আত্মপ্ৰেমৰ সূচকাংক হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু ভাৰতবৰ্ষত তেনে হোৱা পৰিলক্ষিত হোৱা নাছিল ৷ ছ'চিয়েল মিডিয়া দুঘন্টাতকৈ অধিক ব্যৱহাৰ কৰা সকলে আৰু তাতকৈ কম ব্যৱহাৰ কৰা সকলৰ মাজত আত্মপ্ৰেমৰ সূচকাংকৰ মাজত কোনো গুৰুত্বপূৰ্ণ প্ৰভেদ দেখা পোৱা নগৈছিল ৷
ভাৰতবৰ্ষৰ ৬৫ শতাংশ লোকে কৈছে যে, তেওঁলোকে সদায়ে নাইবা সাধাৰণতেই নিজে বিচৰা ধৰণৰ সামাজিক আৰু আৱেগিক সাহচৰ্য লাভ কৰে ৷ মহিলা সকল (৬৮ শতাংশ) আৰু বিবাহিত সকলে (৬৯ শতাংশ) সাহচৰ্য অনুভৱ কৰাৰ সম্ভাৱনাই আছিল অধিক ৷ অনুসন্ধানটো অনুসৰি ক’ভিড-১৯ এ মহিলা সকলৰ আত্মপ্ৰেম জগোৱাত নেতিবাচকতকৈ কিছু অধিক পৰিমাণে ইতিবাচক প্ৰভাৱহে পেলাইছিল ৷ তথাপি যি নহওক, আত্মপ্ৰেম কম পৰিমাণে অনুভৱ কৰা মহিলা সকলৰ তেওঁলোকৰ আত্মপ্ৰেমৰ ওপৰত ক’ভিড-১৯ অৰ নেতিবাচক প্ৰভাৱ ছয় গুণৰ অধিকভাৱে পৰাৰ সম্ভাৱনা আছিল আৰু যি সকল মহিলা আৰ্থিকভাৱে সচল নাছিল তেওঁলোকৰ ওপৰতো ক’ভিডে এক নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ ইয়াৰ পৰা বুজিব পৰা গৈছিল যে মহামাৰীৰ সময়চোৱাত সমাজৰ আটাইতকৈ দুৰ্বল বৰ্গৰ মহিলা সকলৰ মাজত আত্মসন্মানৰ সমস্যাৰ জন্ম হৈছিল ৷
প্ৰত্যাৱৰ্তনো আত্মপ্ৰেমৰ সৈতে জড়িত:
এজন লোকে যিমানেই অধিক স্ক’ৰ পাব সিমানেই খৰকৈ তেওঁলোক কঠিন সময়ৰ পৰা প্ৰত্যাৱৰ্তন কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ৷
আত্মপ্ৰেমৰ প্ৰসংগত আন এক বিভাজিত বিষয় হ’ল ছ'চিয়েল মিডিয়া ৷ সম্ভৱতঃ প্ৰয়োজনানুসৰি লাভ কৰা আৱেগিক সাহচৰ্যৰ বাবেই চাগে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰা সকলৰ তুলনাত অত্যধিকভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সকলৰ আত্মপ্ৰেম আছিল দুগুণ ৷ মহিলা সকলৰ বাবে সাহচৰ্যৰ এক আৱেষ্টনি যুগোতাই দিয়াত ছ'চিয়েল মিডিয়া নেটৱৰ্কে যে এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ই তাৰেই এক ইংগিত বহন কৰে ৷ যি নহওক, অধ্যয়নটোত এইটোও দেখিবলৈ পোৱা গৈছিল যে সম্ভাৱতঃ নিজকে আনৰ লগত তুলনা কৰাৰ ফলত অত্যধিক পৰিমাণে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সকলৰ মাজত আত্মপ্ৰেমৰ অনুভুতি আছিল কম আৰু তেওঁলোকক প্ৰায়ে নিজৰ শৰীৰটোৰ গঠনক লৈ অসুখী হোৱা দেখা গৈছিল ৷
গুম্মাৰাজুৱে কয় যে “আত্মপ্ৰেম নাম লোৱাৰ আগয়ে আহে আত্ম-গ্ৰহণযোগ্যতা ৷ ইয়াৰ অৰ্থ এইটোও হ’ব পাৰে যে আপোনাৰ অনুসন্ধিৎসুতাৰ সৈতে ই জাগ্ৰত হ’ব পাৰে ৷ ইয়াৰ অৰ্থ এইটোৱেই যে নিজে যি তেনেকৈয়ে নিজকে আন কাৰোবাৰ দ্বাৰা ভাল পাবলৈ অনুমতি দিয়া ৷ কোনো এজনে ক’ৰবাৰ পৰাতো আৰম্ভ কৰিব লাগিবই ৷ উজাগৰ কৰিবলৈ যিমানেই কঠিন নহওক কিয় মই দৃঢ়ভাৱে বিশ্বাস কৰো যে প্ৰত্যেকৰেই সেই অন্তৰ্নিহিত ক্ষমতা আছে ৷ মই অনুভৱ কৰো যেতিয়াই অৱদমিত বৰ্গই নিজকে ভাল পাবলৈ শিকিব তেতিয়াই এক বিপ্লৱ আৰম্ভ হ’ব ৷ “দ্য বডী শ্বপ ইণ্ডিয়া”ই এই বিপ্লৱকটো অনাৰ উদ্দেশ্যেৰে এটা অৰ্থপূৰ্ণ অভিযানৰ পোষকতা কৰিছে ৷ মই সচাৰ্থত বিশ্বাস কৰো যে “ছেল্ফ লাভ আপৰাইজিঙে” সেইটো কৰিব পাৰিব ৷”