নিউজ ডেস্ক, 7 মাৰ্চ: ফাকুৱা বা হোলী হিন্দু ধৰ্মৰ সাংস্কৃতিক, ধৰ্মীয় তথা পৰম্পৰাগত এক উৎসৱ । সনাতন ধৰ্মত প্ৰতি মাহৰ পূৰ্ণিমা চন্দ্ৰৰ অতি গুৰুত্ব আছে আৰু ইয়াক এক উৎসৱৰ ৰূপত পালন কৰা হয়(Holi date)। উদযাপনৰ এই ক্ৰমত ফাগুন মাহৰ পূৰ্ণিমা তিথিত বসন্তোৎসৱ হিচাপে হোলী উদযাপন কৰা হয়(Holi festival)। বিষ্ণু ভক্তিৰ প্ৰতিফল হিচাপে এই দিনটোক অন্যতম এক গুৰুত্বপূৰ্ণ দিন হিচাপে গণ্য কৰা হয়(Holi timing)।
ভক্ত প্ৰহ্লাদৰ বিষ্ণুভক্তি
হিন্দু ধৰ্ম মতে, হোলিকা দাহন মূলতঃ ভক্ত প্ৰহ্লাদৰ স্মৃতিত কৰা হয় । ভক্ত প্ৰহ্লাদৰ জন্ম অসুৰ বংশত হৈছিল যদিও তেওঁ আছিল ভগৱান নাৰায়ণৰ একান্ত ভক্ত(Holi significance)। তেওঁৰ পিতৃ হিৰণ্য কশিপুৱে তেওঁৰ ভগৱান বিষ্ণুৰ প্ৰতি থকা এই ভক্তি কেতিয়াও ভাল পোৱা নাছিল, সেয়েহে হিৰণ্য কশিপুৱে প্ৰহ্লাদক বহু ধৰণে কষ্ট দিছিল । এদিন প্ৰহ্লাদৰ পেহীয়েক হোলিকা যিয়ে এনে এক বস্ত্ৰৰ বৰদান লাভ কৰিছিল যাক পিন্ধি তেওঁ জুইত বহি থাকিলে জুইয়ে তেওঁক দাহ কৰিব নোৱাৰে । হোলিকা ভক্ত প্ৰহ্লাদক হত্যা কৰিবলৈ সেই বস্ত্ৰ পিন্ধি জুইৰ মাজত বহিছিল আৰু তেওঁক কোলাত লৈছিল । ভক্ত প্ৰহ্লাদৰ বিষ্ণুৰ প্ৰতি থকা ভক্তিৰ ফলস্বৰূপে হোলিকা জ্বলি দাহ হয় আৰু প্ৰহ্লাদৰ একো ক্ষতি নহয় । সেয়ে ক্ষমতাৰ ওপৰত ভক্তি বিজয়ৰ আনন্দত এই উৎসৱ পালন কৰা হয় । ইয়াৰ সমান্তৰালকৈ ৰঙৰ উৎসৱে এই বাৰ্তা দিয়ে যে কাম, ক্ৰোধ, অহংকাৰ, মোহ আৰু লোভৰ দৰে কু-অভ্যাসবোৰ এৰি মনটো ঈশ্বৰৰ প্ৰতি নিষ্ঠাবান হ’ব লাগে ।
ৰাধা-কৃষ্ণৰ পৱিত্ৰ প্ৰেমৰ লগত সম্পৰ্ক