নেশ্য়নেল ডেস্ক,২ জানুৱাৰী :ভাৰতত কভিড ১৯ ভাইৰাছৰ টীকাকৰণ ব্য়ৱস্থাৰ আৰম্ভ । প্ৰথম আখৰা হিচাবে ২৮ আৰু ২৯ ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশ ,অসম,গুজৰাট আৰু পঞ্জাৱৰ উভয়ৰে ২ খনকৈ জিলাত টীকাকৰণ অনুশীলনৰ ব্য়ৱস্থা কৰা হৈছিল । তাৰ পিছতে শনিবাৰৰ পৰা দেশৰ আন ৰাজ্য় আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহতো টীকাকৰণৰ ড্ৰাই ৰান অভিযান আৰম্ভ হয় । কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্য়ৰে ৰাজধানীৰ অতিকমেও তিনিটা পৰ্যায়ত টীকাকৰণৰ অভিযান আৰম্ভ কৰাৰ আহ্বান জনাইছে । মন্ত্ৰালয়ে জনোৱা মতে কোনো কোনো ৰাজ্য়ৰ অতি দুৰ্গম অঞ্চলতো এই অভিযান চলোৱা হ'ব ।
ইয়াৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত আহিবলগীয়া সমস্য়া সমূহ সমাধান কৰা,ইয়াৰ ফলাফল আৰু ভৱিষ্য়ত পৰিকল্পনা তৈয়াৰ কৰাই হৈছে টীকাকৰণৰ অনুশীলন অভিযানৰ মুল উদ্দেশ্য় । ইফালে এই অভিযান সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভুষনে প্ৰতিখন ৰাজ্য়ৰ মুখ্য় সচিব আৰু স্বাস্থ্য় বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক উচ্চস্থৰীয় বৈঠকতো মিলিত হৈছে ।