নিউজ ডেস্ক, 15 অক্টোবৰ:সমগ্ৰ দেশৰ ক্ৰিকেটপ্ৰেমী এতিয়া আক্ৰান্ত আই চি চি ক্ৰিকেট বিশ্বকাপৰ জ্বৰত ৷ ভাৰতত অনুষ্ঠিত হোৱা এই সন্মানীয় মহাৰণে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিৱদ্ধ ৰাখিছে খেলপথাৰত ৷ ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহেও নিজৰ ক্ৰীড়াৰ মাজেৰে এই বিশ্বকাপ উপভোগ কৰা দেখা গৈছে । গুৰুত্বপূৰ্ণ সময়ত উইকেট দখল কৰি তেওঁ দলৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে খেলখনত বুমৰাহে (৪/৩৯) সৰ্বোত্তম প্ৰদৰ্শন দেখুৱাইছিল । এই মেচত আফগানৰ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীক আউট কৰাৰ পিচত বুমৰাহে ইংলেণ্ডৰ ফুটবল খেলুৱৈ মাৰ্কাছ ৰেছফৰ্ডক অনুকৰণ কৰি তেওঁৰ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু সেই কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ সৈতে জড়িত ফটো আৰু ভিডিঅ’ । পাকিস্তানৰ বিৰুদ্ধে খেলখনত ‘প্লেয়াৰ অৱ দ্য মেচ’ সন্মান লাভ কৰাৰ পিচত এই বিষয়ে মন্তব্য কৰে বুমৰাহে । তেওঁ আফগানিস্তানৰ বিৰুদ্ধে খেলখনত মাৰ্কাছ ৰেছফল্ডক অনুকৰণ কৰাৰ কাৰণ প্ৰকাশ কৰে ৷ বুমৰাহে উল্লেখ কৰে যে, তেওঁ কিছুদিনৰ আগতে ৰেছফোৰ্ডে এই কাম কৰা দেখিছিল আৰু আফগানিস্তানৰ বিৰুদ্ধে খেলখনৰ সময়ত এই কথা মনত পেলাইছিল ।
"এইটো ভাইৰেল হ’বলৈ কৰা হোৱা নাছিল । মোৰ সেই উদ্দেশ্য নাই । ইংলেণ্ডৰ ফুটবল খেলুৱৈ ৰেছফোৰ্ডক তেনেকৈয়ে উদযাপন কৰা দেখা গৈছিল । মই ভাবিছিলো যে ই যথেষ্ট নম্ৰ এক বহিঃপ্ৰকাশ । আফগানিস্তানৰ বিৰুদ্ধে খেলখনত হাছমাতুল্লাহক আউট হোৱাৰ পিচত সেই কথা মোৰ মনত পৰিল । লগে লগে মই তেওঁক অনুকৰণ কৰি উদযাপন কৰিলোঁ । ইয়াৰ আঁৰত কোনো বিশেষ কাৰণ নাই ।’’ বুমৰাহে এইদৰে কয় ।
লগতে পঢ়ক:Cricket World Cup 2023 : ক্ৰিকেট বিশ্বকাপত শচীন, ৰোহিত, কোহলীৰ নামত সৰ্বাধিক অৰ্ধ শতক