অসম

assam

ETV Bharat / bharat

বিহাৰৰ কংগ্ৰেছ বিধায়কক দিল্লীলৈ তলব হাইকামাণ্ডৰ - সভানেত্ৰী ছোনিয়া গান্ধী

শেহতীয়াকৈ দুগৰাকী কংগ্ৰেছ বিধায়কে জেডিউত(JDU) যোগদান কৰাৰ লগে লগে কংগ্ৰেছ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিহাৰত । কংগ্ৰেছে প্ৰাৰ্থী হেৰুওৱাৰ ভয়ত ইতিমধ্যে দলটোৰ সকলো বিধায়ককে দিল্লীলৈ মাতি পঠিয়াইছে ।

Congress summoned all its Bihar MLAs
বিহাৰ কংগ্ৰেছত বিভাজন

By

Published : Jul 6, 2021, 7:42 PM IST

নেশ্যনেল, ৬ জুলাই : বিহাৰৰ ৰাজনীতিত পুনৰ উত্তজনা বাঢ়িছে । শেহতীয়াকৈ দুগৰাকী কংগ্ৰেছ বিধায়কে জেডিউত(JDU) যোগদান কৰাৰ লগে লগে এতিয়া কংগ্ৰেছ দলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কংগ্ৰেছে প্ৰাৰ্থী হেৰুওৱাৰ ভয়ত ইতিমধ্যে দলটোৰ সকলো বিধায়ককে দিল্লীলৈ মাতি পঠিয়াইছে ।

বিহাৰ বিধানসভা নিৰ্বাচনত ২৪৩ খন আসনৰ ভিতৰত মাত্ৰ ৪৩ খন আসন লাভ কৰা জেডিইউত বিএএছপিএৰ (BASPA) নেতা জামা খান আৰু এজন নিৰ্দলীয় প্ৰাৰ্থী সুমিত সিঙৰ যোগদানে আৰু অধিক আলোড়নৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতে । আৰজেডি(RJD) নেতা তেজস্বী যাদৱে ইটিভি ভাৰতৰ সন্মুখত নীতিশ কুমাৰ চৰকাৰক দুৰ্বল বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে নীতিশ কুমাৰৰ চৰকাৰ সোনকালেই পতন হ'ব ।

আনহাতে, বিশেষ চৰ্চা চলি থকা মতে আৰজেডিৰ প্ৰচেষ্টাৰ মাজতে জেডিইউৱে কংগ্ৰেছৰ কেইজনমান বিধায়কক নিজ দললৈ আনিবলৈ সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । যদি ১৯ গৰাকী বিধায়কৰ ভিতৰত ১৩ গৰাকী যিকোনো দলত যোগদান কৰিবলৈ একলগ হয় তেনেহ'লে তেওঁলোকৰ সদস্যপদ সুৰক্ষিত হ'ব । যিকোনো দলৰ আইনী স্থিতিৰ বাবে বিধায়কৰ সংখ্যা মুঠ বিধায়কৰ দুই-তৃতীয়াংশ হ'ব লাগে ।

ইফালে, বিধায়কসকলক দলৰ পৰা আঁতৰি যোৱাৰ আশংকাত কংগ্ৰেছে ৯ জুলাইৰ পৰিৱৰ্তে হঠাৎ ৭ জুলাইতে দিল্লীলৈ ৰাজ্যখনৰ সকলো বিধায়কক মাতি পঠিয়াইছে । নেতাসকলে দলৰ সভানেত্ৰী ছোনিয়া গান্ধী (Sonia Gandhi) আৰু দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীক (Rahul Gandhi) সাক্ষাৎ কৰি বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব । সূত্ৰ অনুসৰি শেহতীয়াকৈ কংগ্ৰেছ এৰি জেডিইউ যোগদান কৰা বক্সাৰ সমষ্টিৰ বিধায়ক মুন্না তিৱাৰী আৰু মণিহাৰীৰ বিধায়ক মনোহৰ প্ৰসাদ সিঙ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ(Nitish Kumar) অতি ঘনিষ্ঠ ।

২০১০ চনত মনোহৰে জেডিইউৰ আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল আৰু নীতিশ কুমাৰৰ পৰামৰ্শ অনুসৰি ২০১৫ চনৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল । কংগ্ৰেছ বিধায়িনী দলৰ নেতা অজিত শৰ্মাই দলত বিভাজন সৃষ্টি হোৱাৰ কথা অস্বীকাৰ কৰে । তেওঁ কয় যে দলটোত বিভাজন হোৱা কথা কেৱল এটা উৰাবাতৰি ।

কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু ইয়াত বিৰতিৰ কোনো সম্ভাৱনা নাই বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে যিসকল নেতাই তেওঁলোকৰ ভূমিকা ভালদৰে পালন কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ পৰিৱৰ্তন নিশ্চিত । অৱশ্যে, এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দলৰ হাইকমাণ্ডে ল'ব বুলিও অজিত শৰ্মাই মন্তব্য কৰে ।

লগতে পঢ়ক :চীনা চাইবাৰ প্ৰৱঞ্চকে লুটিলে ভাৰতৰ ৩৬০ কোটি টকা

ABOUT THE AUTHOR

...view details