নেশ্বনেল ডেস্ক, 6 নবেম্বৰ : "স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু আমি নিশ্চিতভাৱে ইয়াক লাভ কৰিম " ভাৰতৰ শাসনৰ গাদীত অধিস্থিত হৈ থকা ব্ৰিটিছসকলক এইদৰে কৈছিল লোকমান্য বাল গংগাধৰ তিলকে ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আছিল অনবদ্য । কেশৰী আৰু মহৰাট্টাত প্ৰকাশিত তেওঁৰ প্ৰবন্ধসমূহে মানুহক স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰিছিল । ব্ৰিটিছসকলে সেয়েহে তেওঁক, 'Father of Indian Unrest'' হিচাপে অভিহিত কৰিছিল ।
লোকমান্য তিলকৰ জন্ম ১৮৫৬ চনৰ ২৩ জুলাইত ৰত্নগিৰিত হৈছিল । 1866 চনত, তিলকে তেওঁৰ পিতৃ-মাতৃৰ সৈতে ৰত্নগিৰিৰ পৰা পুনেলৈ আহিছিল । ইয়াতেই ১৮৭২ চনত তেওঁৰ মেট্ৰিকৰ দেওনা পাৰ হৈছিল । ইয়াৰে এবছৰ আগতে, ১৮৭১ চনত তেওঁ বল্লাল বাল পৰিয়ালৰ সত্যভামা বাইক বিয়া কৰাইছিল ৷ ১৮৭৬ চনত তেওঁ ডেক্কানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, য'ত তেওঁ গোপাল গণেশ আগৰকাৰক লগ পায় ।
দুয়োজনে ব্ৰিটিছ শাসনৰ পৰা দেশক স্বাধীন কৰাৰ সংগ্ৰামত জপিয়াই পৰাৰ সিদ্ধান্ত লৈছিল । পিছলৈ, ১৮৮১ চনত তিলক আৰু আগৰকাৰে ইংৰাজী ভাষাৰ কেশৰী আৰু মাৰাঠা ভাষাত মহৰাট্টা নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰে ৷