নিউজ ডেস্ক, ১৮ জানুৱাৰী :কিছুমান বীমা আঁচনিয়ে অপ্ৰত্যাশিত পৰিস্থিতিৰ ক্ষেত্ৰত বিত্তীয় সুৰক্ষাৰ উপৰি হাইব্ৰিড সুযোগ প্ৰদান কৰে (insurance policies providing hybrid opportunities) । ইউনিট-লিংকড বীমা আঁচনিবোৰে (ULIP) আপোনাৰ সম্পদ বৃদ্ধি কৰাৰ বাবে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে । বহুতে আয়কৰ ৰেহাই পাবলৈ এই ইউলিপিবোৰ বাছনি কৰে । কিন্তু এইবোৰ গ্ৰহণ কৰাৰ পূৰ্বে কি সাৱধানতা অৱলম্বন কৰা উচিত চাওঁ আহক ।
ULIP-ক (Unit Linked Insurance Policies) হাইব্ৰিড আঁচনি বুলি ক'ব পাৰি যিয়ে বীমা, বিনিয়োগ আৰু কৰ সঞ্চয়ৰ লাভালাভ একত্ৰিত কৰে । বীমাকৰ্তাই পৰিশোধ কৰা প্ৰিমিয়াম অংশত বিভক্ত কৰা হয় । কিছু পৰিমাণৰ বিনিয়োগ বীমাত (insurance cover) বিনিয়োগ কৰা হয় আৰু বাকীখিনি আঁচনি ধাৰকৰ (policy holder) পচন্দৰ পুঁজিলৈ পৰিৱৰ্তন কৰা হয় । পৰিশোধ কৰা প্ৰিমিয়াম ধাৰা 80চিৰ সীমালৈকে (1,50,000 টকা) কৰ ৰোহাইযোগ্য ।
বিত্তীয় বৰ্ষত ২.৫ লাখ টকাৰ কম বাৰ্ষিক প্ৰিমিয়াম থকা ULIP-ৰ ম্যাদপূৰ্তিৰ পৰিমাণ (maturity amount of ULIP) ধাৰা ৮০চিচিডিৰ অধীনত কৰৰ পৰা ৰেহাই দিয়া হয় । কেৱল কৰ সঞ্চয়ৰ বাবে ইউলিপি বাছনি কৰাটো কেতিয়াও উচিত নহয় । এইবোৰ ব্যক্তি এজনৰ সামগ্ৰিক বিত্তীয় লক্ষ্য প্ৰাপ্তিৰ বাবে উপযোগী (insurance policies providing hybrid opportunities) ।
ULIP policy এখনত বীমা আঁচনি ধাৰকৰ কিবা অপ্ৰত্যাশিত ঘটনা ঘটিলে মনোনীত ব্যক্তিয়ে ক্ষতিপূৰণ লাভ কৰে । আপুনি ইউলিপ লোৱাৰ সময়ত আঁচনিৰ পৰিমাণ নিৰ্ণয় কৰিব লাগিব । ইয়াত মন কৰিব লাগিব যে দুৰ্ভাগ্যজনক ঘটনাৰ ক্ষেত্ৰত পৰিয়ালৰ মুৰব্বীক বীমা আঁচনিৰ দ্বাৰা ক'ভাৰ কৰা উচিত । অৰ্থাৎ প্ৰয়োজনীয় পৰিমাণৰ বাবে আঁচনিখন লোৱা উচিত যাতে পৰিয়ালটোৱে আৰ্থিক অসুবিধাৰ সন্মুখীন নহয় । লগতে যাতে আঁচনি ধাৰকে কোনো সমস্যাৰ সন্মুখীন নহয় । আঁচনিখন এনেদৰে বাছনি কৰিব লাগে যাতে ম্যাদ উকলি যোৱাৰ পিছত মৃত্যুৰ মাচুল পৰিশোধ কৰা হয় ।