অসম

assam

ETV Bharat / bharat

পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা দিগ্বিজয় সিঙৰ - গৃহমন্ত্ৰী অমিত শ্বাহ

পেগাচাছ সন্দৰ্ভত মৌনতা অৱলম্বন কৰা কেন্দ্ৰীয় চৰকাৰক এইবাৰ উভতি ধৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা দিগ্বিজয় সিঙে । সংসদত পেগাচাছ স্পাইৱেৰ বিষয়টো আলোচনা কৰিবলৈ কিয় ভয় কৰে বুলি নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।

Digvijaya asks Centre
পেগাচাছ সম্পৰ্কে আলোচনা কৰিবলৈ কিয় ভয় কৰে কেন্দ্ৰীয় চৰকাৰে

By

Published : Jul 27, 2021, 3:52 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুলাই:পেগাচাছক লৈ (Pegasus) এতিয়াও উত্তাল হৈ আছে সমগ্ৰ দেশ । আনকি এই বিষয়টোৱে সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত প্ৰভাৱ পেলাইছে । কিন্তু লক্ষণীয়ভাৱে বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছে । বিৰোধীয়ে বিভিন্ন ধৰণে সমালোচনা কৰিছে বিজেপি নেতৃত্বধীন চৰকাৰক ।

বিষয়টোত মৌনতা অৱলম্বন কৰা কেন্দ্ৰীয় চৰকাৰক এইবাৰ উভতি ধৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা দিগ্বিজয় সিঙে । সংসদত পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) বিষয়টো আলোচনা কৰিবলৈ কিয় ভয় কৰে বুলি নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) লক্ষ্য কৰি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে তেওঁলোকে কিয় এই বিষয়কলৈ আলোচনা কৰিবলৈ ভয় কৰে । আভ্যন্তৰীণ সুৰক্ষা বা ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ বাবে বা যিকোনো অপৰাধীৰ বিৰুদ্ধে বৈধ স্নুপিং গ্ৰহণযোগ্য ৷

কিন্তু আমি এনএছঅ' আৰু ইজৰাইলীসকলক সকলো তথ্য যোগান ধৰা নাই নেকি বুলিও টুইটযোগে প্ৰশ্ন কৰে দ্বিগ্বিজয় সিঙে ।

নেতাগৰাকীয়ে লগতে কয় যে এই বিষয়টো ২০১৯ চনত ৰাজ্যসভাত তেওঁ উত্থাপন কৰিছিল ৷ যিটো তদানীন্তন তথ্য-প্ৰযুক্তি মন্ত্ৰীয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল । সেয়েহে তেওঁ পুনৰ পেগাচাছৰ বিষয়ে আলোচনা কৰাৰ বাবে ৰাজ্যসভাক পুনৰ জাননী প্ৰেৰণ কৰিছে । তেওঁ আশা কৰে যে মোডী আৰু শ্বাহে সম্পূৰ্ণ বিষয়টো আলোচনাৰ বাবে সন্মতি প্ৰদান কৰিব ।

এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ এক জৰুৰী বিষয় বুলিও দাবী কৰে কংগ্ৰেছ নেতাজনে । সিঙে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু বিষয়টো লুকুৱাই ৰখাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই কেন্দ্ৰীয় চৰকাৰে । যদি পেগাচাছৰ নিৰ্মাতা ৰাষ্ট্ৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে, তেন্তে মোডী-শ্বাহে কিয় এই বিষয়টো লুকাইছে বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে । তেওঁলোকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ে চিন্তিত নহয় নেকি বুলি প্ৰশ্ন কৰে দ্বিগ্বিজয় সিঙে ।

মাৰ্ক জুকাৰবাৰ্গ আৰু প্ৰধানমন্ত্ৰীৰ বন্ধুত্বকলৈও বিশেষ মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । মৰমৰ বন্ধু নৰেন্দ্ৰ মোডীক এনএছঅ'ৰ বিৰুদ্ধে তেওঁৰ গোচৰক লৈ সহায় কৰিবলৈ জুকাৰবাৰ্গে ক'ব নেকি বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে । ইফালে যোৱা সপ্তাহত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিষয়টোক লৈ হোৱা হুলস্থূলৰ ফলত লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যকলাপ ব্যাহত হয় । কংগ্ৰেছ দলে বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক:কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাক আটক

ABOUT THE AUTHOR

...view details