নিউজ ডেস্ক, 30 ডিচেম্বৰ: বহু বাদ-বিবাদ, ক’ৰ্ট-কাছাৰীৰ মামলা-মোকৰ্দমা, বিভিন্ন আলোচনা, টক শ্ব’ আদিৰ অন্তত অহা 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ ৷ 2019 চনৰ 9 নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে দীৰ্ঘদিন ধৰি চলি থকা ৰাম জন্মভূমিৰ গোচৰৰ নিষ্পত্তি কৰি চূড়ান্ত ৰায় প্ৰদান কৰে ৷ বাবৰি মছজিদৰ পৰিৱৰ্তে সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷
তাৰ পিচতেই বিজেপি চৰকাৰৰ নেতৃত্বত আৰম্ভ হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ কাম ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাম মন্দিৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 22 জানুৱাৰীত এই মন্দিৰ উদ্বোধন কৰিব ৷ শনিবাৰে অযোধ্যা ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২২ জানুৱাৰীত অযোধ্যাত ৰামৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ ঐতিহাসিক মুহূৰ্তৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে ।
অযোধ্যাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'বিকাশ', 'বিৰাসত' (ঐতিহ্য)ৰ শক্তিয়ে ভাৰতক আগুৱাই লৈ যাব । প্ৰধানমন্ত্ৰীয়ে ২২ জানুৱাৰীত অযোধ্যালৈ নাহিবলৈও সাধাৰণ জনতাক আহ্বান জনাই কয় যে মাত্ৰ কেইজনমান মানুহকহে নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোক আহিব ।