নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ :গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ (Vijay Rupani) পদত্যাগৰ পাছতে এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাকলৈ গুণা-গঁথা চলি আছে । পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাছনিকলৈ বিজেপিৰ বিধায়কসকলৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে দেওবাৰে ৰাজ্যখনত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তোমৰ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগে । ইয়াৰ মাজতে ইটিভি ভাৰতে বাছনি কৰিছে সম্ভাৱ্য ৫ গৰাকী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ।
গোৰ্ধন জাদাফিয়া (Gordhan Zadafia)
৬৭ বছৰীয়া জাদাফিয়াক বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ আৰু ৰাজ্যখনৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ (Keshubhai Patel) এগৰাকী নিকটতম বিশ্বাসী হিচাপে গণ্য কৰা হয় । নৰেন্দ্ৰ মোডী মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁ দল ত্যাগ কৰিছিল আৰু প্ৰথম মহা গুজৰাট জনতা পাৰ্টীৰ আৰম্ভ কৰিছিল আৰু কেশুভাই পেটেলৰ গুজৰাট পৰিৱৰ্তন পাৰ্টীত যোগদান কৰিছিল । পৰৱৰ্তী সময়ত জাদাফিয়া পুনৰ বিজেপিলৈ ঘূৰি আহে । তেওঁ বৰ্তমান গুজৰাট বিজেপিৰ উপ-সভাপতি । তেওঁ ভাৱনগৰ জিলাৰ থাচাগাঁৱৰ এগৰাকী লিউভা পাতিদাৰ (Leuva Patidar) সম্প্ৰদায়ৰ লোক । তেওঁ ২০০২ চনৰ গুজৰাট হিংসাৰ সময়ত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল ।
নীতিন পেটেল (Nitin Patel)
৬৫ বছৰীয়া নীতিন পেটেল বিজেপিৰ এগৰাকী জ্যেষ্ঠ কদভা পাতিদাৰ নেতা (Kadva Patidar leader) । যাৰ যথেষ্ট প্ৰভাৱ আছে ৰাজ্যখনৰ মেহছানা জিলাত । বৰ্তমান তেওঁ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী । তেওঁ ১৯৯৫ চনত কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু বিত্ত, স্বাস্থ্য আদি বিভাগকে ধৰি গুৰুত্বপূৰ্ণ দপ্তৰসমূহৰ দায়িত্ব লৈছিল । তেওঁ ২০১৬ চনত আনন্দীবেন পেটেলক পদৰ পৰা আঁতৰাই দিয়া সময়ত মুখ্যমন্ত্ৰী পদৰ তেওঁ অন্যতম দাবীদাৰ আছিল ।
মনসুখ মাণ্ডৱিয়া (Mansukh Mandaviya)