নেশ্যনেল ডেস্ক, ৩ জুলাই: তিৰথ সিং ৰাৱটে (Tirath Sing Rawat) উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত এইবাৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব তাকে চলিছে জল্পনা-কল্পনা । শনিবাৰে এই সন্দৰ্ভত সামান্য আভাস দি উত্তৰাখণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি মদন কৌশিকে কয় যে, এইবাৰ এগৰাকী বিধায়কে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ সম্ভাৱনা আছে । অৱশ্যে বিধায়িনী দলৰ বৈঠকতহে মুখ্যমন্ত্ৰী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । তেওঁ কয় যে, দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত ডেৰাডুনত বৈঠক অনুষ্ঠিত হ'ব ।
মুখ্যমন্ত্ৰী বাছনি কৰাৰ পিছত তেওঁলোকে ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি মদন কৌশিকে (Madan Kaushik) জানিবলৈ দিয়ে । উত্তৰাখণ্ডৰ উপ-নিৰ্বাচনক (Uttarakhand bi Election) লৈ অনিশ্চয়তা অব্যাহত থকাৰ মাজত শুকুৰবাৰে তিৰথ সিং ৰাৱটে (Tirath Sing Rawat) পদত্যাগ কৰে । ৰাৱটৰ পদত্যাগ সন্দৰ্ভত মদন কৌশিকে কয় যে, ৰাৱট মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থাকিবলৈ ১০ ছেপ্তেম্বৰৰ ভিতৰত উত্তৰাখণ্ড বিধানসভালৈ (Uttarakhand Assembly) নিৰ্বাচিত হোৱাৰ প্ৰয়োজন আছিল । কিন্তু মহামাৰীসৃষ্ট পৰিস্থিতিৰ বাবে ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় আৰু সেয়ে পদত্যাগেই একমাত্ৰ বিকল্প আছিল ।