অসম

assam

ETV Bharat / bharat

Next CM of Karnataka : সিদ্দাৰামাইয়া নে শিৱকুমাৰ, কোন হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? - AICC president Mallikarjuna Kharge

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব ? প্ৰতিদ্বন্দ্বিতাত পূৰ্বৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ । প্ৰতিদ্বন্দ্বিতাৰ বল এতিয়া হাইকমাণ্ডৰ কোৰ্টত (Karnataka next CM context) ।

Next CM of Karnataka
Next CM of Karnataka

By

Published : May 14, 2023, 12:33 PM IST

নিউজ ডেস্ক, 14 মে' :কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে (congress wins absolute majority in Karnataka) । 135 খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে কংগ্ৰেছ । কিন্তু এই মুহূৰ্তত চৰ্চাৰ বিষয়টো হৈছে, কংগ্ৰেছৰ পৰা কোন হ'ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী (Karnataka next CM) ।

উল্লেখ্য, 13 মে'ত ঘোষিত ফলাফলত কংগ্ৰেছে 135 খন আসন (congress wins 135 seats in Karnataka) লাভ কৰাৰ বিপৰীতে ক্ষমতাসীন বিজেপিৰ আসন সংখ্যা 66 খনলৈ হ্ৰাস পায় (BJP rolled out in Karnataka) । আনহাতে, জেডি(এছ) মাত্ৰ 19 খন আসনতে সন্তুষ্ট থাকিবলগা হয় । ইতিমধ্যে কৰ্ণাটকত চৰকাৰ গঠন প্ৰক্ৰিয়াৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ । লগে লগে আৰম্ভ হৈছে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰাৰ অনুশীলন (CM contest between Siddaramaiah and Shivakumar) । যাৰবাবে এতিয়া ৰাজনৈতিক বিশ্লেষক তথা সৰ্বসাধাৰণৰ দৃষ্টি কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীৰ পদৰ ওপৰত নিবদ্ধ হৈ আছে । চৰ্চাত আছে দুটা নাম- প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু ক্ৰণটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ ।

সিদ্দাৰামাইয়া বনাম ডি কে শিৱকুমাৰ : কৰ্ণাটকত বৰ্তমান বিৰোধী দলৰ নেতা সিদ্দাৰামাইয়া আৰু কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰৰ (KPCC president DK Shivkumar) মাজত মুখ্যমন্ত্ৰীৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আছে । সিদ্দাৰামাইয়া আৰু শিৱকুমাৰে পূৰ্বতে বহুবাৰ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা মুকলিকৈ প্ৰকাশ কৰিছিল । পিছে বৰ্তমান মুখ্যমন্ত্ৰী বাছনিৰ বল কংগ্ৰেছ হাইকমাণ্ডৰ কোৰ্টত আছে । হাইকমাণ্ডে এনে এটা সূত্ৰ উলিয়াব লাগিব যাতে দুয়োজন নেতা সন্তুষ্ট হয় ।

ইয়াৰ উপৰি কংগ্ৰেছৰ আন কেইবাজনো নেতাই নীৰৱে মুখ্যমন্ত্ৰীৰ পদলৈ দৃষ্টি ৰাখিছে । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা দলিত নেতা ডঃ জি পৰমেশ্বৰ এইসকলৰ ভিতৰত অন্যতম । আৰম্ভণিৰে পৰা মুখ্যমন্ত্ৰী পদৰ সপোন দেখি অহা পৰমেশ্বৰে ইতিমধ্যে ইয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে । 'মই এজন মুখ্যমন্ত্ৰীৰ পদ প্ৰত্যাশী' বুলি তেওঁ মুকলিকৈ প্ৰকাশ কৰিছে । লগতে তেওঁ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ বুলিও প্ৰকাশ কৰে ।

আনহাতে, এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও (AICC president Mallikarjuna Kharge) মুখ্যমন্ত্ৰীৰ দাবীদাৰ বুলি উৰাবাতৰি ওলাই আছে । কিন্তু এইখিনিতে এটা কথা অনুভৱ কৰিব পাৰি যে যদি দলিত নেতা খাৰ্গেক মুখ্যমন্ত্ৰী কৰা হয়, তেন্তে সকলোৱে নেতৃত্বৰ সৈতে একমত হ'ব । কিন্তু হাইকমাণ্ডে তেওঁক এআইচিচিৰ সভাপতি পদৰ পৰা আঁতৰাই মুখ্যমন্ত্ৰীৰ পদ দিবলৈ যথেষ্ট চিন্তা কৰিব লাগিব ।

ইয়াৰ উপৰি লিঙ্গায়ত নেতা এম বি পাটিলেও মুখ্যমন্ত্ৰী পদলৈ লোলুপ দৃষ্টি দি থকাটো কোনো গোপন কথা নহয় । বহুতে মত পোষণ কৰে যে লিঙ্গায়ত সম্প্ৰদায়ৰ আস্থা অৰ্জন কৰিবলৈ পাটিলক মুখ্যমন্ত্ৰীৰ পদ দিয়া উচিত ।

ইয়াৰ উপৰি কেপিচিচিৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডুৰাও, নৱমবাৰৰ বিধায়ক আৰ ভি দেশপাণ্ডে, জ্যেষ্ঠ লিঙ্গায়ত নেতা শ্বামানুৰ শিৱশংকৰপ্পা, কেপিচিচিৰ কাৰ্যকৰী সভাপতি সতীশ জাৰাকিহোলি, ৰামলিঙ্গ ৰেড্ডীও মুখ্যমন্ত্ৰী পদ প্ৰত্যাশী বুলি চৰ্চিত হৈছে । পূৰ্বতে তেওঁলোক সকলোৱে পৰোক্ষভাৱে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিছিল । পৰ্দাৰ আঁৰত তেওঁলোকে মুখ্যমন্ত্ৰী পদৰ সপোন দেখি আছে ।

এই জল্পনা-কল্পনাৰ মাজতে চৰকাৰ গঠন আৰু পৰৱৰ্তী সিদ্ধান্ত সন্দৰ্ভত দেওবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Karnataka Polls 2023 : বিতৰ্কৰ অন্তত জয়ানগৰত ১৬টা ভোটত বিজেপি প্ৰাৰ্থীক বিজয়ী ঘোষণা

ABOUT THE AUTHOR

...view details