গুগলে সোমবাৰে ডুডলৰ জৰিয়তে হাংগেৰীৰ-আমেৰিকান জৈৱপদাৰ্থবিজ্ঞানী, বিজ্ঞানী আৰু উদ্ভাৱক ডাঃ মাৰিয়া টেলকেছক(Dr Mária Telkes) স্মৰণ কৰে । দৰাচলতে ১৯০০ চনৰ ১২ ডিচেম্বৰ তাৰিখে হাংগেৰীৰ বুডাপেষ্ট চহৰত জন্ম লাভ কৰিছিল ড° মাৰিয়া টেলকেছে । তেওঁ সৌৰ শক্তি প্ৰযুক্তিৰ ওপৰত কাম কৰিছিল । আমেৰিকাত থকাৰ পূৰ্বে মাৰিয়া টেলক্সে ১৯২০ চনত বুডাপেষ্ট বিশ্ববিদ্যালয়ত ভৌতিক ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল আৰু ১৯২৪ চনত পি এইচ ডি লাভ কৰিছিল ।
গুগল ডুডলৰ জৰিয়তে স্মৰণ মাৰিয়া টেলকেছক
ডাঃ মাৰিয়া টেলকেছৰ জন্মদিন উপলক্ষে গুগলে সোমবাৰে তেওঁক স্মৰণ কৰি ডুডল বনোৱাা হৈছিল(Remembering Maria Telkes via Google Doodle)। তেওঁ বিশ্বাস কৰিছিল যে সূৰ্য্যৰ শক্তিয়ে মানুহৰ জীৱন সলনি কৰিব পাৰে আৰু তেওঁ ঠিকেই কৈছিল । ১৯৫২ চনৰ আজিৰ দিনটোতে তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে ‘ছ’চাইটি অৱ উইমেন ইঞ্জিনিয়াৰছ এচিভমেণ্ট এৱাৰ্ড’ৰে সন্মানিত হৈছিল ।
সৌৰ ডিষ্টিলাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল
https://etvbharatimages.akamaized.net/etvbharat/prod-images/17183824_ergreg.jpg উল্লেখ্য যে, ড° মাৰিয়া টেলকেছে বুডাপেষ্টৰ ইয়টভছ ল’ৰাণ্ড বিশ্ববিদ্যালয়ত ভৌতিক ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল আৰু ১৯২০ চনত বি এ ডিগ্ৰী লাভ কৰিছিল । ১৯২৪ চনত পি এইচ ডি সম্পূৰ্ণ কৰি পিছৰ বছৰ আমেৰিকালৈ গৈ জৈৱ পদাৰ্থবিজ্ঞানী হয় ।
১৯৩৭ চনত আমেৰিকাৰ নাগৰিক হোৱাৰ লগতে প্ৰতিষ্ঠিত মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ(Massachusetts Institute of Technology) সৌৰ শক্তি সমিতিৰ অংশও হয় । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মাৰিয়া টেলকেছকো আমেৰিকা চৰকাৰে সৌৰ ডিষ্টিলাৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ জনাইছিল । যিয়ে আগতে সাগৰৰ পানীক মিঠা পানীলৈ ৰূপান্তৰিত কৰিছিল ৷ এই জীৱন ৰক্ষাকাৰী উদ্ভাৱনটো পেচিফিক থিয়েটাৰত নিয়োজিত সৈনিকসকলে ব্যৱহাৰ কৰিছিল ।
এনেকুৱা আছিল দ্য ছান কুইন ‘ড° মাৰিয়া টেলকেছ’ৰ জীৱন
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ড° মাৰিয়া টেলকেছ এম আই টিলৈ এছ’চিয়েট ৰিচাৰ্চ প্ৰফেচাৰ হিচাপে ঘূৰি আহে । ইয়াৰ পিছত ড° টেলকেছে ১৯৪৮ চনত স্থপতিবিদ এলিন’ৰ ৰেমণ্ডৰ সৈতে অংশীদাৰিত্বৰে ড’ভাৰ ছান হাউচ নিৰ্মাণ কৰে(The Life of Dr. Maria Telkes) । ড° মাৰিয়া টেলকেছৰ প্ৰেৰণাদায়ক কেৰিয়াৰ আছিল সফলতা আৰু উদ্ভাৱনেৰে ভৰা ।
ফৰ্ড ফাউণ্ডেচনে তেওঁক নিযুক্তি দি সৌৰ অভেনৰ ডিজাইন তৈয়াৰ কৰিছিল যিটো আজিও ব্যৱহাৰ কৰা হয় । এন ৱাই ইউ, প্ৰিন্সটন বিশ্ববিদ্যালয় আৰু ডেলাৱেৰ বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত সৌৰশক্তিৰ গৱেষণাতো সহায় কৰিছিল । ২০টাতকৈও অধিক পেটেণ্ট লাভ কৰাৰ লগতে কেইবাটাও শক্তি কোম্পানীত পৰামৰ্শদাতা হিচাপেও কাম কৰি আহিছে । আজি ডাঃ মাৰিয়া টেলকাছক দ্য ছান কুইন হিচাপেও স্মৰণ কৰা হয় ।
লগতে পঢ়ক:Diseases searched on Google: ২০২২ ত গুগলত সৰ্বাধিক চাৰ্চ কৰা হৈছিল এইসমূহ ৰোগৰ ঘৰুৱা প্ৰতিকাৰ