নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ: দুমাহৰ পূৰ্বে হত্যা কৰা শিখ স্বাধীনতাৰ সমৰ্থক হৰদীপ সিং নিজ্জাৰক যাক লৈ ভাৰত আৰু কানাডাৰ মাজত কুটনৈতিক সম্পৰ্কত ফাঁট মেলিছে, তেওঁক শিখ সংগঠনে মানৱ অধিকাৰ কৰ্মী আৰু ভাৰত চৰকাৰে সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল ৷
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে কয় যে, তেওঁৰ চৰকাৰে ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ এটা শিখ সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত নিজ্জাৰক গুলীয়াই হত্যা কৰাৰ ঘটনাত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত থকাৰ “বিশ্বাসযোগ্য অভিযোগ”ৰ তদন্ত কৰি আছে ৷ ভাৰতে এই হত্যাকাণ্ডত কোনো ভূমিকা অস্বীকাৰ কৰি এই অভিযোগক অৰ্থহীন বুলি অভিহিত কৰিছে ৷
খালিস্তান নামেৰে জনাজাত এখন স্বতন্ত্ৰ শিখ গৃহভূমি সৃষ্টিৰ আন্দোলনৰ এক সদস্য আছিল নিজ্জাৰ, আৰু মৃত্যুৰ সময়ত শিখ প্ৰব্ৰজনকাৰীসকলৰ মাজত শিখছ ফৰ জাষ্টিছ সংগঠনৰ সৈতে বেচৰকাৰী গণভোটৰ আয়োজন কৰিছিল ৷
তেওঁ প্লাম্বিং ব্যৱসায়ৰো গৰাকী আছিল আৰু উপনগৰ ভেংকুৱাৰৰ এটা শিখ মন্দিৰ বা গুৰদ্বাৰাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ ২০১৬ চনত ভেংকুৱাৰ ছানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ ভাৰতীয় সংবাদ মাধ্যমত সন্ত্ৰাসবাদী কোষৰ নেতৃত্ব দিয়াৰ সন্দেহ কৰা বাতৰিৰ প্ৰতি অৱজ্ঞাসূচক সঁহাৰি দিছিল ৷
কাকতখনক তেওঁ কয় যে, "এই সকলো অভিযোগ জাবৰ সদৃশ । মই ইয়াত ২০ বছৰ বাস কৰি আছো নহয়নে ? মোৰ ৰেকৰ্ড চাওক । একো নাই ৷ মই এজন কঠোৰ পৰিশ্ৰমী লোক ৷ মই প্লাম্বিঙ ব্যৱসায়ৰ মালিক ।"
তেওঁৰ মৃত্যুৰ পিছত কানাডাৰ বিশ্ব শিখ সংগঠনে নিজ্জাৰক খালিস্তানৰ স্পষ্টবাদী সমৰ্থক বুলি অভিহিত কৰে যিয়ে “ভাৰতত সক্ৰিয়ভাৱে আৰু খালিস্তানৰ সমৰ্থনত চলি থকা মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে প্ৰায়ে শান্তিপূৰ্ণ প্ৰতিবাদৰ নেতৃত্ব দিছিল ।”
ভাৰতে তেওঁক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিলে; তেওঁ অস্বীকাৰ কৰিলে-
নিজ্জাৰ ভাৰতৰ এজন ৱাণ্টেড মেন আছিল, য’ত ২০২০ চনত কৰ্তৃপক্ষই তেওঁক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল । ২০১৬ চনত ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে শিখ সংখ্যাগৰিষ্ঠ পঞ্জাৱ ৰাজ্যত বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আৰু ভেংকুৱাৰৰ দক্ষিণ-পূবৰ এখন সৰু চহৰত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়াৰ সন্দেহ কৰা হৈছিল ৷ তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছিল ৷
বিতৰ্কিত কৃষি আইনৰ প্ৰতিবাদত যেতিয়া পঞ্জাৱৰ বহু কৃষকে নতুন দিল্লীত শিবিৰ পাতিছিল, "ভয় আৰু অবৈধতাৰ পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰ কৰা, আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ মানুহক উচটনি দিয়াৰ" অভিযোগত ভাৰতে ২০২০ চনত নিজ্জাৰৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল ৷
বিগত বছৰ ভাৰতীয় কৰ্তৃপক্ষই ভাৰতৰ এজন হিন্দু পুৰোহিতৰ ওপৰত কৰা আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ দিশত তথ্য প্ৰদান কৰা ব্যক্তিক প্ৰায় ১৬ হাজাৰ ডলাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল ৷
বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ-
আধুনিক শিখ স্বাধীনতা আন্দোলন ১৯৪০ চনৰ পৰাই আৰম্ভ হৈছিল যদিও শেষত ই সশস্ত্ৰ বিদ্ৰোহত পৰিণত হৈছিল, যিয়ে ১৯৭০ আৰু ১৯৮০ চনত দেশক কঁপাই তুলিছিল ৷ ১৯৮৪ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে শিখ ধৰ্মৰ পবিত্ৰতম মন্দিৰত আশ্ৰয় লৈ থকা সশস্ত্ৰ বিচ্ছিন্নতাবাদীক ধৰিবলৈ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে ৷
এই অভিযানত শ শ লোকৰ মৃত্যু হয় আৰু তাৰ কিছু দিনৰ পিছতে গান্ধীৰ দুজন শিখ দেহৰক্ষীয়ে তেওঁক হত্যা কৰে ৷ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সমগ্ৰ ভাৰততে শিখ বিৰোধী সংঘৰ্ষ সংঘটিত হয় য’ত সংখ্যালঘু সদস্যসকলক ঘৰৰ পৰা টানি উলিয়াই হত্যা কৰা হয় ৷ অতি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হিন্দু জাতীয়তাবাদী নেতৃত্বাধীন চৰকাৰে অহিন্দু অধিকাৰ আন্দোলন আৰু বিৰোধী উভয়কে দমন কৰিছে ৷
নিজ্জাৰক এটা মন্দিৰত গুলীয়াই হত্যা কৰা হৈছিল-
কানাডাৰ আৰক্ষীয়ে জনোৱা মতে, শিখ মন্দিৰৰ পাৰ্কিং লটৰ পৰা ওলাই যোৱাৰ সময়তে নিজ্জাৰৰ ওপৰত গুলীচালনা কৰা হয় ৷ একাধিক গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় ৷ হত্যাকাণ্ডৰ পিছত শিখছ ফৰ জাষ্টিছৰ এজন অধিবক্তা তথা মুখপাত্ৰ গুৰপতৱন্ত সিং পান্নুনে কয় যে নিজ্জাৰ সক্ৰিয়তাৰ বাবে ভাবুকিৰ লক্ষ্য হৈ পৰিছিল ৷ কানাডাৰ শিখ সম্প্ৰদায়ৰ এজন বিশিষ্ট সদস্যৰ দুবছৰৰ ভিতৰত তেওঁৰ এই হত্যাকাণ্ড দ্বিতীয়টো ঘটনা ।
পান্নুনে কয় যে, তেওঁ নিজ্জাৰক হত্যা কৰাৰ আগদিনা ফোনযোগে কথা পাতিছিল আৰু নিজ্জাৰে তেওঁক জনাইছিল যে কানাডাৰ চোৰাংচোৱাই তেওঁক সকীয়াই দিছিল যে তেওঁৰ জীৱন বিপদত পৰিছে ৷
নিজ্জাৰ হত্যাৰ প্ৰায় এসপ্তাহৰ পাছত কানাডাৰ শিখ সম্প্ৰদায়ৰ প্ৰায় ২০০ প্ৰতিবাদকাৰীয়ে ভেংকুৱাৰত ভাৰতীয় কনছুলেটৰ সন্মুখত সমবেত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ৷ নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে তেওঁৰ স্বাধীন শিখ ৰাষ্ট্ৰৰ আহ্বানৰ সম্পৰ্ক আছে বুলি বহু প্ৰতিবাদকাৰীয়ে নিশ্চিত হৈছিল ৷ প্ৰতিবাদকাৰীসকলৰ অন্যতম গুৰকীৰাট সিঙে কয় যে তেওঁ আছিল এজন মৰমীয়াল মানুহ, এজন কঠোৰ পৰিশ্ৰমী মানুহ।
সোমবাৰে ব্ৰিটিছ কলম্বিয়া শিখ গুৰদ্বাৰা কাউন্সিলৰ মুখপাত্ৰ মনিন্দৰ সিঙে কানাডাৰ চিটিভিক জনাইছে যে নিজ্জাৰৰ মৃত্যুৰ পিছত দেখা পোৱা সমৰ্থনৰ ঢৌৱে তেওঁক সমাজত কেনেদৰে দেখা গৈছিল তাৰ ইংগিত দিয়ে ৷ সিঙে কয় যে ই পঞ্জাৱকে ধৰি সমগ্ৰ বিশ্বৰ সমাজক কঁপাই তুলিছিল। হত্যাকাণ্ডৰ কিছুদিন পিছতে ছাৰেক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য সুখ ধলিৱালে কয় যে, "সম্প্ৰদায়টো ছিন্নভিন্ন হৈ পৰিছে। ইয়াত অতি উচ্চ আৱেগ আছে ।"
লগতে পঢ়ক :Womens Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক কেতিয়াও গৃহীত কৰাৰ উদ্দেশ্য নাছিল ইউ পি এ চৰকাৰৰ; অনুৰাগ ঠাকুৰ