নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: গুজৰাটৰ মৰ্বিৰ মাচ্চু নদীত ওলমা দলং ছিগি পৰি সংঘটিত হোৱা ঘটনাৰ শোক এতিয়াও মাৰ যোৱা নাই (Hanging bridge tragedy)৷ দেওবাৰে সংঘটিত হোৱা ভয়ংকৰ ঘটনাত শিশু মহিলাসহ এতিয়ালৈ 134 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (134 passes away)৷ এই ঘটনাৰ পিছতে ৰাজ্যখনত শোকৰ ছাঁ পৰিছে যদিও এটা প্ৰশ্নৰ উদ্ভৱ হৈছে ৷ ওলমা দলংখন কিহৰ বাবে খহি পৰিছিল ( Cable bridge to collapse)? ইয়াক সঠিকভাৱে ৰখা হৈছিল নেকি? ইয়াৰ বাবে দায়ী কোন? এই সমস্যাৰ মোকাবিলা কৰিবলৈ, ইটিভি ভাৰতে এক প্ৰয়াস কৰিছে ৷
ঘটনাৰ দিনা দেওবাৰ আৰু দিপাৱলীৰ বন্ধ হোৱাৰ হেতুকে মৰ্বি দলং চাবলৈ ৪০০ তকৈও অধিক ব্যক্তি উপস্থিত হৈছিল (Morbi cable bridge)৷ প্ৰথমে দলংখনত লোক বেছি হোৱাৰ কাৰণে দলংখন কঁপি উঠিছিল, কিন্তু তাৰ কিছু সময়ৰ পিছতে দলংখন চকুৰ পচাৰেত ছিগি পৰিছিল ৷ 142 বছৰ পুৰণি এই ওলোমা দলংখন মুম্বাইৰ ৰাজ্যপাল ৰিচাৰ্ড টেম্পলে ১৮৭৯ চনৰ ২০ ফেব্ৰুৱাৰীত মৰ্বিৰ মাচ্চু নদীৰ ওপৰত আধৰশিলা স্থপন কৰিছিল ৷ ওলমা দলংখন প্ৰায় 3.5 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৷ 1880 চনত দলংখন নিৰ্মাণৰ কাম সমাপ্ত হৈছিল ৷ ইংলেণ্ডৰ এখন দলঙক অনুসৰণ কৰি এই ওলোমা দলংখন নিৰ্মাণ কৰা হৈছিল ৷
শেহতীয়াকৈ ওলমা দলংখন ছয় মাহ ধৰি বন্ধ কৰি ইয়াত নৱীকৰণৰ কাম চলি আছিল ৷ দলংখনৰ পুনৰ মেৰামতিৰ বাবে অভিযন্তা, ঠিকাদাৰ আৰু বিশেষ ফেব্ৰিকেটৰৰ এটা গোটে কাম আৰম্ভ কৰিছিল ৷ 2 কোটি ব্যয় কৰি এই দলংখনৰ পুননিৰ্মাণৰ কাম কৰা হৈছিল ৷ জিন্দাল কোম্পানীয়ে এই ওলমা দলংখনৰ পুনঃনিৰ্মাণৰ বাবে প্ৰাথমিক সামগ্ৰী প্ৰদান কৰিছিল ৷ লগতে পাতল এলুমিনিয়ামৰ শ্বীট দলং নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল ৷
জানিব পৰামতে ওলমা দলংখনৰ ক্ষমতা আছিল 100 জনৰ ৷ কিন্তু তাৰ পিছত দলংখনত প্ৰায় 400 ৰ পৰা 500 লোক আহিছিল ৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ চাৰি দিন পূৰ্বে দলংখনত 12,000 লোকে পৰিদৰ্শন কৰিছিল ৷