অসম

assam

ETV Bharat / bharat

Air India horror: এয়াৰ ইণ্ডিয়া বিমানত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা সুৰাসক্ত কোন এই শংকৰ মিশ্ৰ ? - Who is Shankar Mishra

এজন সুৰাসক্ত ব্যক্তিয়ে এয়াৰ ইণ্ডিয়াৰ বিজনেছ ক্লাছত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগৰ পিছতেই পোহৰলৈ আহিছে অভিযুক্তৰ পৰিচয় (man allegedly urinated on woman passenger) ৷ এই জঘন্য ঘটনা সংঘটিত কৰা অভিযুক্ত শংকৰ মিশ্ৰ কোন (Who is Shankar Mishra)?

who-is-drunken-man-shankar-mishra-who-urinated-on-a-woman-in-air-india-flight
বিমানত মহিলাৰ গাত প্ৰস্ৰাৱ কৰা সুৰাসক্ত পুৰুষ শংকৰ মিশ্ৰ কোন

By

Published : Jan 6, 2023, 12:18 PM IST

নেশ্যনেল ডেস্ক, 6 জানুৱাৰী:এয়াৰ ইণ্ডিয়া বিমানত আজৱ ঘটনা ৷ বিগত ২০২২ চনৰ ২৬ নৱেম্বৰত আমেৰিকা-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ (Air India flight) বিজনেছ ক্লাছত (business class) এজন ব্যক্তিয়ে এগৰাকী মহিলা যাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল (man allegedly urinated on woman passenger)। ইয়াৰ পিছতে আৰক্ষীয়ে উক্ত অভিযোগৰ তদন্ত আৰম্ভ কৰি ঘটনা সংঘটিত কৰা পুৰুষ যাত্ৰীজনক চিনাক্ত কৰিছিল ৷

এই ঘটনা সংঘটিত কৰা লোকজনৰ নাম শংকৰ মিশ্ৰ (Drunken man shankar mishra)৷ তেওঁ মুম্বাইৰ মীৰা ৰোডৰ বাসিন্দা ৷ অভিযুক্ত শংকৰ মিশ্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক বিত্তীয় সেৱা কোম্পানী এটাৰ ভাৰতীয় গোটৰ উপ-সভাপতি ৷ কোম্পানীটোৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াত অৱস্থিত ।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তজন মুম্বাইৰ যদিও তেওঁ এই মুহুৰ্তত মুম্বাইত নাই ৷ ঘটনাটোৰ সময়ত বিমানত উপস্থিত থকা সকলো ক্ৰু সদস্যলৈ জাননী প্ৰেৰণ কৰাৰ লগতে তেওঁলোকৰ পৰা লিখিত বিবৃতি গ্ৰহণ কৰা হৈছিল ৷ ইয়াৰ পিছতে অভিযুক্তজনৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ (এলঅ'চি) জাৰী কৰা হৈছিল ৷ এই ঘটনাৰ সন্দৰ্ভত চাৰিগৰাকী ক্ৰুয়ে আৰক্ষীৰ সৈতে তদন্তত সহযোগিতা আগবঢ়াইছিল ৷

আনহাতে যিসকলে ক্ৰুৱে এই সন্দৰ্ভত কোনো ধৰণৰ মতামাত প্ৰকাশ কৰা নাই তেওঁলোকে আৰক্ষীৰ প্ৰশ্নৰ মুখামুখি হ’ব লাগিব ৷ ইতিমধ্য দিল্লী আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ মুম্বাইলৈ কেইবাটাও আৰক্ষীৰ দল প্ৰেৰণ কৰিছে যদিও, শংকৰ এতিয়া পলাতক অৱস্থাত আছে বুলি আৰক্ষীৰ সূত্ৰই বৃহস্পতিবাৰে জানিবলৈ দিয়ে ৷

এই ঘটনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বৃহস্পতিবাৰে উল্লেখ কৰিছিল যে, যোৱাটো বৰ্ষৰ ২৬ নৱেম্বৰত মিশ্ৰই বিমানত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ পিছতে নিউয়ৰ্ক-দিল্লী বিমানখনৰ কৰ্তৃপক্ষ আৰু কৰ্মচাৰীসকলক জাননী জাৰি কৰিছে ৷ দিল্লী অভিমুখে অহা বিজনেছ ক্লাছৰ বিমানত সুৰাপান কৰা এজন ব্যক্তিয়ে কেনেদৰে প্ৰৱেশ কৰিলে বুলি উল্লেখ কৰি তেওঁলোকৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰা হৈছে ৷ ভুক্তভোগী মহিলাগৰাকী এগৰাকী জ্যেষ্ঠ নাগৰিক ৷ তেওঁৰ বয়স ৭০ বছৰৰো অধিক (Shankar mishra who urinated on a woman)৷

অভিযুক্ত যাত্ৰীজনক ৩০ দিনৰ বাবে ভ্ৰমণ নিষেধাজ্ঞা: ডিজিচিএয়ে এক বিবৃতিত কয় যে প্ৰাথমিক পৰ্যায়ত যাত্ৰীজনক 30 দিনৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ লগতে বিমানত হোৱা পৰিস্থিতিতৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ক্ৰু সদস্যসকলে মহিলাগৰাকীক সহায় কৰিবলৈ অগ্ৰাহ্য কৰিছিল নেকি, সেয়া নিশ্চিত কৰিবলৈ আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছে ৷

নিয়ম অনুসৰি বিমান সংস্থাটোৱে যিকোনো ঘটনা তৎক্ষণাৎ বিমান নিয়ন্ত্ৰকক জনাব লাগিছিল যদিও তেওঁলোকে সেই ঘটনাৰ কথা চলিত বৰ্ষৰ 4 জানুৱাৰীত দৃষ্টিগোচৰ হোৱাতহে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি) অৱগত কৰে ৷ ইয়াৰ পিছতে তদনান্তীন কৰ্তৃপক্ষই বিমান সেৱাক এয়াৰ ইণ্ডিয়াৰ পৰা অৱগত কৰোৱাত কিয় ইমান পলম হ’ল বুলি স্পষ্টীকৰণ বিচাৰে ৷

ইয়াৰ পিছতে বিমানসেৱাৰ সঁহাৰিৰ ওপৰত আধাৰিত কৰি প্ৰাথমিকভাৱে সংশ্লিষ্ট বিমান সেৱাৰ আচৰণ অপেছাদাৰী যেন লাগিছিল আৰু ইয়াৰ ফলত একাংশ উদণ্ড যাত্ৰীয়ে এনে ঘটনা ঘটাবলৈ পালে বুলি প্ৰশ্ন উত্থাপন হৈছিল ৷ প্ৰতিবেদন অনুসৰি, অভিযোগকাৰীয়ে এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণলৈ এখন পত্ৰও লিখিছিল যে সহযাত্ৰীজনে তেওঁৰ গাত সুৰাসক্ত অৱস্থাত অৱস্থাত প্ৰস্ৰাৱ কৰিছিল (Urinated on a woman in air india flight)৷

কিন্তু ইয়াৰ কৰ্মচাৰীসকলে সংশ্লিষ্ট বিষয়ত অভিযোগ উত্থাপন কৰা নাছিল ৷ বৰঞ্চ বিমান সেৱা কৰ্তৃপক্ষৰ তৰফৰ পৰা মহিলাগৰাকী আৰু সুৰাসক্ত লোকজনৰ মাজত মীমাংসা কৰিবলৈ এক চুক্তি কৰাৰ লগতে মহিলাগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে কৰা প্ৰাৰম্ভিক অনুৰোধ প্ৰত্যাহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক:Misconduct on Flights : মাতাল হৈ প্ৰস্ৰাৱ কৰিলে মহিলাৰ গাত, এয়াৰ ইণ্ডিয়া বিমানত যাত্ৰীৰ অভদ্ৰামি

ABOUT THE AUTHOR

...view details