অসম

assam

ETV Bharat / bharat

Sudden Heart Attack: যদি হঠাৎ কোনো লোকৰ হাৰ্ট এটেক আহে, তেন্তে কেনেকৈ তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰি জানি লওক - হাৰ্ট এটেক কি

Heart Problems: বহু সময়ত আমাৰ চৌপাশৰ কোনোবা এজনৰ হাৰ্ট এটেক হ’লে কি কৰিব লাগে সেই বিষয়ে আমি সচেতন নহওঁ । যদি আমি জানো তেন্তে আমি নিশ্চয়কৈ তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰিম ।

When your partner suddenly gets a heart attack, know how to save his life
হঠাৎ হাৰ্ট এটেক আহিলে কি কৰাটো উচিত

By

Published : Jul 27, 2023, 12:39 PM IST

ভাৰতত হৃদৰোগীৰ সংখ্যা অতি বেছি আৰু আজিকালি এই ৰোগ যুৱক-যুৱতীসকলৰ মাজতো বৃদ্ধি পাবলৈ ধৰিছে, কিন্তু কেতিয়াবা ফিট দেখা মানুহবোৰো ইয়াৰ ভুক্তভোগী হৈ পৰিছে । কিছুদিন পূৰ্বে হাৰ্ট এটেকৰ ফলত বহু বিখ্যাত চেলিব্ৰিটিয়ে প্ৰাণ হেৰুৱাইছে, তাৰ ভিতৰত সিদ্ধাৰ্থ শুক্লা, পুনীত ৰাজকুমাৰ আৰু কন্ঠশিল্পী কে কেৰ অন্যতম ।

যদি আপোনাৰ ওচৰ-চুবুৰীয়া কোনো ব্যক্তিৰ হঠাৎ হাৰ্ট এটেক হয়, তেন্তে এনে পৰিস্থিতিত কি কৰা উচিত হ’ব যাতে তেওঁৰ জীৱন ৰক্ষা পৰে, সেই বিষয়ে বিতংভাৱে জানো আহক ।

হাৰ্ট এটেক কেনেকৈ হয় ?

যেতিয়া আমাৰ ধমনীত তেজৰ যোগানত হঠাৎ বাধাৰ সৃষ্টি হয়, তেতিয়া এই অৱস্থাক হাৰ্ট এটেক বুলি কোৱা হয় । এনে হোৱাৰ কাৰণ দৰাচলতে ক’ৰ’নাৰী ধমনীত তেজ জমা হোৱাৰ বাবে হয় । যাৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ যোগান বন্ধ হৈ যায় আৰু বুকুত তীব্ৰ বিষ হয় ।

হাৰ্ট এটেক হোৱাৰ পিছত কি কৰিব লাগে ?

২০২২ চনত যেতিয়া কন্ঠশিল্পী কে কেৰ মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল, তেতিয়া চিকিৎসকে কৈছিল যে, তেওঁৰ হৃদযন্ত্ৰৰ ধমনীবোৰত বহু ব্লকেজ আছে আৰু সময়মতে চিপিআৰ দিলে তেওঁৰ জীৱন ৰক্ষা পৰিব পাৰিলেহেঁতেন । হাৰ্ট এটেক হ’লে ৰোগীক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যাব লাগে, যদি ওচৰতে চিকিৎসাৰ সহায় নাপায়, তেন্তে ৰোগীক চিপিআৰ দিয়া আৰম্ভ কৰিব লাগে ।

চিপিআৰ দৰাচলতে হয় কি ?

চিপিআৰক আচলতে কাৰ্ডিঅ’ পালমোনাৰী ৰিছাচিটেচন বুলি কোৱা হয়, য’ত অচেতন ৰোগীৰ বুকুত চাপ প্ৰয়োগ কৰি কৃত্ৰিম উশাহ দিয়া হয়, যাতে হাওঁফাওঁত অক্সিজেনৰ অভাৱ নহয় । ইয়াৰ ফলত হৃদযন্ত্ৰত হঠাৎ অহা এটেক আৰু উশাহ-নিশাহ লোৱাত কষ্ট দৰে সমস্যাৰ ক্ষেত্ৰত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পৰা যায় । চিপিআৰক জৰুৰীকালীন অৱস্থাত দিয়া চিকিৎসা হিচাপে গণ্য কৰা হয় । এইটো এক বহুদিনৰ পৰা চলি অহা এক চেষ্টা আৰু পৰীক্ষা কৰা পদ্ধতি যিয়ে প্ৰায়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকৰ জীৱন ৰক্ষা কৰি আহিছে ।

এঞ্জিওপ্লাষ্টীয়ে কৰিব জীৱন ৰক্ষা

সাধাৰণতে হাৰ্ট এটেক ৰোগীৰ বাবে এঞ্জিওপ্লাষ্টি বা বাইপাছ অস্ত্ৰোপচাৰ কৰা হয় । এইটো কাৰ্ডিঅ’লজীৰ এক প্ৰক্ৰিয়া য’ত হৃদযন্ত্ৰৰ পেশীলৈ তেজ যোগান ধৰা ধমনীবোৰৰ বন্ধ হৈ যোৱা ধমনীবোৰ আঁতৰাই মুকলি কৰি দিয়া হয় । বহু ক্ষেত্ৰত ৰোগীৰ ক’ৰ’নাৰী ধমনীতো ষ্টেণ্ট লগোৱা হয় যাতে ৰক্ত সঞ্চালনত কোনো সমস্যা নহয় ।

লগতে পঢ়ক:Bullying: আপুনিও মানসিক হাৰাশাস্তিৰ বলি হৈছে নেকি ? জানক ইয়াৰ পৰা কেনেদৰে সন্মুখীন হোৱাটো উচিত

ABOUT THE AUTHOR

...view details