অসম

assam

ETV Bharat / bharat

Happy Teddy Day 2023: কিয় উদযাপন কৰা হয় টেডি ডে' ? ভেলেন্টাইন ডে'ৰ সৈতে টেডি ডে'ৰ সম্পৰ্ক কি জানেনে..

প্ৰেমিক যুগলৰ বাবে ফ্ৰেব্ৰুৱাৰী মাহৰ এই সাতটা দিন খুবেই বিশেষ ৷ গোলাপৰ সৈতে এই সাতটা দিনৰ আৰম্ভণি হয় তথা ভেলেন্টাইন ডে'ৰ সৈতে ইয়াৰ সমাপ্তি ঘটে ৷ আজি এই বিশেষ সাতটা দিনৰ তৃতীয়টো দিন অৰ্থাৎ টেডি ডে' ৷ প্ৰেমিক যুগলে নিজৰ প্ৰেম প্ৰকাশৰ বাবে এই দিনটো টেডি উপহাৰ হিচাপে আগবঢ়ায় ৷ কিন্তু আপুনি জানেনে এই সাতটা দিনৰ ভিতৰত টেডি ডে' কিয় উদযাপন কৰা হয় যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে আজি জানি লওক টেডি ডে'ৰ ইতিহাস আৰু ভেলেন্টাইন ডে'ৰ(valentines day 2023) সৈতে টেডি ডে'ৰ সম্পৰ্ক কি ?

By

Published : Feb 10, 2023, 5:30 AM IST

when-and-why-is-teddy-day-celebrated-know-the-history-of-teddy-bear
কিয় উদযাপন কৰা হয় টেডি ডে' ? ভেলেন্টাইন ডে'ৰ সৈতে টেডি ডে'ৰ সম্পৰ্ক কি জানেনে..

প্ৰেমৰ পৰীক্ষা আৰম্ভ হয় ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ শেষ দিনৰ পৰা(Happy Teddy Day 2023)। সাত দিনৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰেমিক-প্ৰেমিকাসকলে প্ৰতিদিনে বিভিন্ন বিষয়ত প্ৰেম প্ৰকাশ কৰে । প্ৰেমৰ এই পৰীক্ষাৰ ফলাফল আহিছে ফেব্ৰুৱাৰী মাহৰ ভেলেণ্টাইন ডে’ত । এই সাতটা দিন প্ৰেমিক যুগলৰ বাবে অতি বিশেষ । প্ৰথম দিনটো ৰোজ ডে’, তাৰ পিছত প্ৰপ’জ ডে’, চকলেট ডে’ আৰু চতুৰ্থ দিনটো টেডি ডে’(Happy Teddy Day quotes)। বহুতৰে মনত এই প্ৰশ্নৰ উদয় হয় যে প্ৰেমিক যুগলৰ এই বিশেষ দিনবোৰৰ মাজত কিয় এই টেডি ডে' উদযাপন কৰা হয়(valentines day 2023) । প্ৰেম আৰু ছফ্ট খেলনাৰ মাজত সম্পৰ্ক কি ? যদি আপোনাৰ মনতো একেটা প্ৰশ্নই আছে, তেন্তে এইবাৰ টেডি ডে’ উদযাপনৰ পূৰ্বে জানি লওক টেডি ডে’ কেতিয়া আৰু কিয় পালন কৰা হয় ? টেডি বিয়াৰৰ ইতিহাস কি ?

টেডি ডে' কেতিয়া পালন কৰা হয় ?

বছৰৰ আটাইতকৈ ৰোমান্টিক সপ্তাহটো ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় । ইয়াৰ চতুৰ্থ দিনা টেডি ডে' পালন কৰা হয় । অৰ্থাৎ ১০ ফেব্ৰুৱাৰীক মানুহে টেডি ডে' হিচাপে উদযাপন কৰে(why we celebrate Teddy Day) । এই উপলক্ষে প্ৰেমিক যুগলে নিজৰ সংগীক টেডি বিয়েৰ দি নিজৰ প্ৰেম প্ৰকাশ কৰে ।

টেডি বিয়েৰৰ ইতিহাস

১৯০২ চনৰ ১৪ নৱেম্বৰত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি থিয়ডৰ ৰুজভেল্ট মিচিচিপিৰ এখন অৰণ্যত চিকাৰ কৰিবলৈ যায়(Theodore Roosevelt, President of the United States) । তেওঁৰ সৈতে আছিল সহকাৰী হোল্ট কলিয়াৰ । ইয়াত কলিয়াৰে এটা আঘাতপ্ৰাপ্ত ক’লা ভালুক ধৰি গছত বান্ধি দিলে । ইয়াৰ পিছতে এডজুটেণ্টজনে ভালুকটোক গুলীয়াই হত্যা কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচাৰিছিল । কিন্তু আঘাতপ্ৰাপ্ত ভালুকটো দেখি ৰাষ্ট্ৰপতি ৰুজভেল্টৰ(President Roosevelt) হৃদয় গলি জন্তুটোক হত্যা কৰিবলৈ অস্বীকাৰ কৰিলে । ১৬ নৱেম্বৰত দ্য ৱাশ্বিংটন পোষ্টত এই ঘটনাৰ আধাৰত এখন ছবি প্ৰকাশ পাইছিল, যিখন ছবি নিৰ্মাণ কৰিছিল কাৰ্টুনিষ্ট ক্লিফৰ্ড বেৰীমেনে(Clifford K Berryman)।

টেডি নাম কিয় দিয়া হ'ল ?

বাতৰি কাকতত ছপা ছবিখন দেখি ব্যৱসায়ী মৰিছ মিচটমে(Businessman Morris Michtom) ভালুকৰ পোৱালিৰ আকৃতিৰ খেলনা এটা বনোৱাৰ কথা ভাবিলে । তেওঁ পত্নী ৰোজৰ সৈতে মিলি ইয়াৰ ডিজাইন কৰিছিল । খেলনাটোৰ নাম আছিল ‘টেডি’। টেডি নামটোৰ আঁৰৰ কাৰণ আছিল যে ৰাষ্ট্ৰপতি ৰুজভেল্টৰ ডাকনাম আছিল টেডি, খেলনাটো ৰাষ্ট্ৰপতিৰ বাবে উৎসৰ্গিত আছিল, গতিকে তেওঁৰ নাম ব্যৱহাৰ কৰাৰ অনুমতি লৈ ব্যৱসায়িক দম্পতীহালে ইয়াক মুকলি কৰিছিল ।

কিয় পালন কৰা হয় টেডি ডে' ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি থিয়ড'ৰৰ বাবেই এই টেডি বিয়েৰ আৱিস্কাৰ কৰা হৈছিল আৰু ইয়াৰ নামেৰে নামাকৰণ কৰা হৈছিল । ইয়াৰ নিৰ্মাণো এক ব্যৱসায়িক দম্পতীয়ে কৰিছিল । ভেলেণ্টাইন উইকত টেডি ডে’ উদযাপনৰ কাৰণ হ’ল ছোৱালী । আচলতে বেছিভাগ ছোৱালীয়েই ছফ্ট খেলনা ভাল পায় । ল’ৰাবোৰে নিজৰ সংগীক টেডি বিয়েৰ উপহাৰ দি আপ্লুত কৰে, গতিকে ১০ ফেব্ৰুৱাৰীত টেডি ডে’কো ভেলেণ্টাইন উইকত অন্তৰ্ভুক্ত কৰা হয় ।

লগতে পঢ়ক:Chocolate day 2023: সকলোৱে খাই ভালপোৱা চকলেটৰ উৎপত্তি কেনেকৈ হৈছিল জানেনে ?

ABOUT THE AUTHOR

...view details