অসম

assam

ETV Bharat / bharat

Buddha Purnima 2023: বুদ্ধ পূৰ্ণিমা পালন কৰাৰ ৬ টা বিশেষ কাৰণ কি জানেনে ?

হিন্দু আৰু বৌদ্ধ ধৰ্ম উভয়ৰে বাবে বুদ্ধ পূৰ্ণিমাৰ গুৰুত্ব অতি বিশেষ বুলি গণ্য কৰা হয় । ব'হাগৰ পূৰ্ণিমা তিথিত গৌতম বুদ্ধৰ জন্ম হৈছিল আৰু আজিৰ দিনটোতে তেওঁ জ্ঞান লাভ কৰিছিল আৰু তাৰ পিচত ৮০ বছৰ বয়সত এই তাৰিখে কুশিনগৰত তেওঁৰ মৃত্যু হৈছিল । এই দিনটো পালন কৰাৰ ৬টা বিশেষ কাৰণ তথা মহত্বৰ বিষয়ে জানো আহক...

When and why is Buddha Purnima celebrated, know its importance, story, and benefits
বুদ্ধ পূৰ্ণিমা পালন কৰাৰ ৬টা বিশেষ কাৰণ কি জানেনে ?

By

Published : May 5, 2023, 2:02 AM IST

ব'হাগ মাহৰ পূৰ্ণিমা তিথিত ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল, এই মাহৰ পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা বুলিও কোৱা হয় । মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ বুলি ধৰা হয় ।

আনহাতে ইতিহাসবিদসকলে গৌতম বুদ্ধৰ জন্ম খ্ৰীষ্টপূৰ্ব ৫৬৩-৪৮৩ চনত হৈছিল বুলি বিশ্বাস কৰে । তেওঁৰ জন্ম হৈছিল স্থল লুম্বিনিত হৈছিল যি বৰ্তমান নেপালৰ অংশ (buddha purnima 2023 date and time)। মহাত্মা বুদ্ধই বুধ পূৰ্ণিমাৰ দিনা কুশনগৰত মহাপ্ৰায়ণ অৰ্থাৎ নিজৰ শৰীৰৰ ত্যাগ কৰিছিল । সেয়ে এই প্ৰতিবেদনৰ জৰিয়তে বুদ্ধ পূৰ্ণিমাৰ মহত্ব তথা কাহিনী জানো আহক-

বুদ্ধ পূৰ্ণিমাৰ তাৎপৰ্য

পৌৰাণিক মান্যতা অনুসৰি মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰা হয় । এই দিনটোত মানুহে ব্ৰত বা উপবাস কৰে । বৌদ্ধ ধৰ্মৰ মানুহে এই দিনটো উৎসৱ হিচাপে পালন কৰে । তেওঁৰ ধৰ্মীয় স্থানত বিভিন্ন লোকে একত্ৰিত হৈ সামূহিক সামূহিকভাৱে পূজা-অৰ্চনা কৰি দান-বৰঙণি আগবঢ়ায় ।

বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লোকসকলে বুদ্ধ পূৰ্ণিমা অতি ভক্তিৰে পালন কৰে । বুদ্ধ পূৰ্ণিমাৰ উৎসৱে বুদ্ধৰ ধৰ্মৰ আদৰ্শ আৰু পথ অনুসৰণ কৰিবলৈ প্ৰেৰণা যোগায় (why is buddha purnima celebrated)। এই উৎসৱে সকলোকে শান্তিৰ বাৰ্তা প্ৰদান কৰে । বৌদ্ধ ধৰ্মৰ অনুগামীসকলে আজিৰ দিনটোতে বোধগয়ালৈ গৈ পূজা-অৰ্চনা কৰে । লগতে বোধি বৃক্ষক পূজা কৰে । বোধি গছ এবিধ আহত গছ আৰু এই দিনটোত ইয়াক পূজা কৰাটো বিশেষ ধৰ্মীয় তাৎপৰ্য্য থকা বুলি গণ্য কৰা হয় । গাখীৰ আৰু সুগন্ধিৰ সৈতে মিহলি পানী গছজোপাত আগবঢ়োৱা হয়। আহত গছত সৰিয়হৰ তেলৰ চাকি জ্বলোৱা হয় ।

বিষ্ণুৰ নৱম অৱতাৰ ভগৱান বুদ্ধ

পদ্ম পুৰাণত কোৱা হৈছে যে, গৌতম বুদ্ধ হৈছে ভগৱান বিষ্ণুৰ নৱম আৰু অন্তিম অৱতাৰ । ব’হাগ মাহৰ পূৰ্ণিমা তিথি কেৱল গৌতম বুদ্ধৰ জন্মৰ সৈতে জড়িত নহয়, এই দিনটোতে তেওঁ বোধগয়াত বোধিবুদ্ধৰ নেতৃত্বত জ্ঞান লাভো কৰিছিল । সেইদিনা আছিল ব’হাগ মাহৰ পূৰ্ণিমা তিথি ।

এনেদৰে দেশ তথা বিশ্বত বুদ্ধ পূৰ্ণিমা পালন কৰা হয়

ভাৰতৰ বাহিৰেও আন বহু দেশতো বুদ্ধ পূৰ্ণিমা পালন কৰা হয় । মহাত্মা বুদ্ধৰ আদৰ্শ অনুসৰণ কৰি তেওঁক নিজৰ ঈশ্বৰ বুলি গণ্য কৰা এই দেশসমূহত বৌদ্ধ ধৰ্মক বিশ্বাস কৰে (buddha purnima 2023 time)।

চীন, নেপাল, ছিংগাপুৰ, ভিয়েটনাম, থাইলেণ্ড, জাপান, কম্বোডিয়া, মালয়েছিয়া, শ্ৰীলংকা, ম্যানমাৰ, ইণ্ডোনেছিয়া এই দেশসমূহত বুদ্ধ পূৰ্ণিমা পালন কৰা হয় (where is buddha purnima celebrated in india)। এই উপলক্ষে উত্তৰ প্ৰদেশৰ কুশী নগৰ জিলাত এখন মেলা অনুষ্ঠিত হয় । বৌদ্ধ ধৰ্মত বিশ্বাসী লোকসকলে আজিৰ দিনটোত নিজৰ ঘৰখন ফুলেৰে সজাই তোলে আৰু প্ৰদীপ জ্বলাই বুদ্ধদেৱক স্মৰণ কৰে (buddha purnima 2023 Assamese)।

বুদ্ধ পূৰ্ণিমা পালনৰ ৬টা কাৰণ

১) মহাত্মা বুদ্ধৰ জন্ম

২) মহাত্মা বুদ্ধৰ জ্ঞানলাভ

৩) মহাত্মা বুদ্ধৰ মহাপ্ৰয়াণ বা মহাপৰিনিৰ্বাণ

৪) ভগৱান বিষ্ণুৰ নৱম অৱতাৰৰ পৃথিৱীত জন্মলাভ

৫) সত্যব্ৰত পূৰ্ণিমাৰ পৰাই সুদামা ধনৱান হৈছিল

৬) ধৰ্মৰাজ পূজাৰে অকাল মৃত্যুৰ পৰা মুক্তি

লগতে পঢ়ক:Hanuman Jayanti 2023: এই ৰাশিৰ লোকৰ বাবে হনুমান জয়ন্তী হ'ব অতি বিশেষ

ABOUT THE AUTHOR

...view details