অসম

assam

ETV Bharat / bharat

নতুন গোপনীয়তা নীতি সন্দৰ্ভত হোৱাটছএপে কি ক'লে দিল্লী উচ্চ ন্যায়ালয়ক ? - মুখ্য ন্যায়াধীশ ডি এন পেটেল

তথ্য সুৰক্ষা বিধেয়ক কাৰ্যকৰী নোহোৱা পৰ্যন্ত ব্যৱহাৰকাৰীক নতুন গোপনীয়তা নীতি বাছনি কৰিবলৈ বাধ্য নকৰে হোৱাটছএপে(WhatsApp) । শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এই কথা জনালে হোৱাটছএপ কৰ্তৃপক্ষই । শুকুৰবাৰে চি চি আইৰ নিৰ্দেশৰ বিৰোধিতা কৰি হোৱাটছএপ আৰু ফেচবুকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে ।

Whatsapp told Delhi High Court it won't compel users to accept new privacy policy
এতিয়াৰে নতুন গোপনীয়তা নীতি গ্ৰহণ কৰিবলৈ ব্যৱহাৰকাৰীক বাধ্য নকৰে হোৱাটছএপে

By

Published : Jul 9, 2021, 3:35 PM IST

নেশ্যনেল ডেস্ক, ৯ জুলাই: হোৱাটছএপ(WhatsApp)ৰ নতুন গোপনীয়তা নীতিক লৈ আৰম্ভ হোৱা বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই । এটাৰ পাছত আনটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে হোৱাটছএপ কৰ্তৃপক্ষ । শেহতীয়াকৈ হোৱাটছএপৰ নতুন গোপনীয়তা নীতি সন্দৰ্ভত তদন্তৰ নিৰ্দেশো দিয়া হৈছিল । হোৱাটছএপ আৰু ফেচবুক কৰ্তৃপক্ষই এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়লয়ত আবেদন দাখিল কৰে ।

শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ সময়ত হোৱাটছএপে কয় যে, তথ্য সুৰক্ষা বিধেয়ক কাৰ্যকৰী নোহোৱা পৰ্যন্ত হোৱাটছএপে ব্যৱহাৰকাৰীক নতুন গোপনীয়তা নীতি বাছনি কৰিবলৈ বাধ্য নকৰে । লগতে বৰ্তমান নতুন গোপনীয়তা নীতি বাছনি কৰা প্ৰক্ৰিয়া স্থগিত কৰা হৈছে বুলিও হোৱাটছএপে আদালতক জনায় ।

তেওঁলোকে আদালতক স্পষ্ট কৰি দিয়ে যে, নতুন গোপনীয়তা নীতি বাছনি নকৰা ব্যৱহাৰকাৰীসকলৰ কাৰ্যক্ষমতাও হোৱাটছএপে সীমিত নকৰে ।

মেচেজিং প্লেটফৰ্মটোৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই কয় যে, হোৱাটছএপে স্বেচ্ছাই এই প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ সন্মত হৈছে । এতিয়াৰে পৰা হোৱাটছএপে নতুন গোপনীয়তা নীতি গ্ৰহণ কৰিবলৈ গ্ৰাহকক বাধ্য নকৰে । চালভেই লগতে কয় যে, হোৱাটছএপে তথাপিও ব্যৱহাৰকাৰীসকলক আপডেট প্ৰদৰ্শন কৰা কাৰ্য অব্যাহত ৰাখিব । একক ন্যায়াধীশৰ বিচাৰপীঠে প্ৰতিযোগিতা নিয়ন্ত্ৰক চি চি আই(Competition commission of India)ৰ নিৰ্দেশ বাতিল কৰিবলৈ অস্বীকাৰ কৰিছিল ।

দৰাচলতে হোৱাটছএপৰ নতুন গোপনীয়তা নীতিৰ তদন্তৰ নিৰ্দেশ দিছিল চি চি আয়ে । চি চি আইৰ নিৰ্দেশ বাতিল কৰিবলৈ হোৱাটছএপে আদালতত আহ্বান জনাইছিল যদিও আদালতে নিৰ্দেশ বাতিল কৰিবলৈ অমান্তি হয় । সেয়ে, এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই হোৱাটছএপে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । উল্লেখ্য যে, যোৱা ৪ জুনত চি চি আয়ে হোৱাটছএপৰ নতুন গোপনীয়তা নীতি সন্দৰ্ভত তথ্য বিচাৰি জাননী দাখিল কৰিছিল ৷

লগতে পঢ়ক:ময়ূৰভঞ্জৰ ব্যতিক্ৰমী শিল্পী সমৰেন্দ্ৰ বেহেৰা

ABOUT THE AUTHOR

...view details