নিউজ ডেস্ক, 4 অক্টোবৰ :হঠাৎ স্থৱিৰ হৈ পৰিল জনপ্ৰিয় চ’ছিয়েল মিডিয়া এপ হোৱাটচ এপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম ৷ কোনো অজ্ঞাত বিভ্ৰাটৰ বাবে এনে হোৱা বুলি বাতৰি প্ৰকাশ পাইছে ৷ এই স্থৱিৰতাৰ ফলত বাৰ্তা প্ৰেৰণ বা লাভৰ পৰা বঞ্চিত হৈছে এই এপ ব্যৱহাৰকাৰীসকল ৷
বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিল হোৱাটচ এপ-ফেচবুক-ইনষ্টাগ্ৰাম ! - ফেচবুক
সন্দেহজনক কাৰণত বিশ্বজুৰি স্তব্ধ হৈ পৰিছে হোৱাটচ এপ সেৱা ৷ ফেচবুক আৰু ইনষ্টাগ্ৰামো স্থৱিৰ হৈ পৰিছে বিশ্বৰ ভিন্ন প্ৰান্তত ৷
বিশ্বজুৰি হঠাৎ স্থৱিৰ হৈ পৰিল হোৱাটচ এপ-ফেচবুক-ইনষ্টাগ্ৰাম !
এই এপকেইটাৰ বিভাগীয় তৰফৰ পৰা জনোৱা হৈছে যে, হঠাৎ উদ্ভৱ হোৱা এই সমস্যাৰ সমাধানৰ বাবে ইতিমধ্যে প্ৰচেষ্টা অব্যাহত আছে ৷ টুইট যোগে তেওঁলোকে উল্লেখ কৰিছে যে, ‘‘বহু মানুহে এই ইচ্যুটোৰ বিষয়ে জানিব বিচাৰি আছে ৷ আমি হোৱাটচ এপক পুনৰ সাধাৰণ অৱস্থালৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ ৷’’ ফেচবুক আৰু ইনষ্টাগ্ৰাম কৰ্তৃপক্ষয়ো টুইটাৰযোগে এই ক্ষেত্ৰত স্পষ্টীকৰণ প্ৰদান কৰিছে ৷
লগতে পঢ়ক :ফ্লেট ক্ৰয় কৰোঁতা-নিৰ্মাতাৰ চুক্তি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ