নেশ্যনেল ডেস্ক, ২৯ মে':কৰ'ণাৰ সমান্তৰালকৈয়াছ ঘূৰ্ণীবতাহে বিভীষিকাৰ সৃষ্টি কৰিছে পশ্চিমবংগত । গৃহহীন হৈছে বহু লোক । এনে সময়তে এটা হোৱাটছ এপ গ্ৰুপে লোকসকলৰ বাবে এক সাহাৰ্য শিবিৰ পাতিছে । কিন্তু এই হোৱাটছ এপ গ্ৰুপটোত বিজেপিৰ নেতা থকাৰ অভিযোগ তুলি টিএমচিয়ে কয় যে সাহাৰ্য শিবিৰৰ জৰিয়তে কৰ'ণা মহামাৰী সংক্ৰমণৰ চেষ্টা কৰিছে বিজেপিয়ে ।
শাসনত থকা টিএমচিয়ে অভিযোগ কৰে যে, এই গ্ৰুপত বহু বিজেপি বিধায়ক আৰু সাংসদ অন্তৰ্ভূক্ত আছে । গ্ৰুপটোৰ কিছুমান মেছেজ ভাইৰেল হোৱাৰ লগে লগে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত ।
ভাইৰেল হোৱা মেছেজৰ এটা মেছেজত বিদ্যাসাগৰ চক্ৰৱৰ্তী নামৰ এজন সদস্যই কৈছে যে সাহাৰ্য কেন্দ্ৰত অধিক লোকক পুনৰ সংস্থাপন কৰাটো ভাল হ'ব । কিয়নো নিৰ্দিষ্ট কোঠা এটাত যিমানে অধিক লোক থাকিব সিমানেই তেওঁলোক কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকিব । তেতিয়া চৰকাৰ সমস্যাত পৰিব বুলিও বিস্ফোৰক মেছজ কৰিছে ।
আন এটা ভাইৰেল মেছেজ হৈছে বিজেপি সাংসদ জ্যোতিৰ্মোয়াদাৰ । তেওঁ কৈছে যে এই কথা কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব আৰু সংবাদ মাধ্যমত জনাবলৈ আহ্বান জনাব । তেওঁ লগতে বিজেপি কৰ্মীসকলক অধিক ফটো আৰু ভিডিঅ' কৰিবলৈ ক'ব ।