অসম

assam

ETV Bharat / bharat

আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰিলে হোৱাটছ এপে - ৪১টা অভিযোগৰ ভিত্তিত একাউণ্ট বন্ধ

চলিত বৰ্ষৰ আগষ্ট মাহত ২০.৭ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ কৰিলে হোৱাটছ এপে(WhatsApp) । তথ্য প্ৰযুক্তি(Intermediary Guidelines and Digital Media Ethics Code) নিয়ম ২০২১ ৰ অধীনত ১-৩১ আগষ্ট পৰ্যন্ত প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, হোৱাটছ এপে ভাৰতৰ ব্যৱহাৰকাৰীৰ পৰা ডাকযোগে, ই-মেইলযোগে ৪২০ টা অভিযোগ লাভ কৰিছে ।

WhatsApp banned 20.7 lakh accounts in India in August
আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰিলে হোৱাটছএপে

By

Published : Oct 2, 2021, 1:20 PM IST

নেশ্যনেল ডেস্ক, ২ অক্টোবৰ: শুকুৰবাৰে ফেচবুকৰ মালিকানাধীন হোৱাটছ এপে জনাইছে যে, নতুন তথ্য প্ৰযুক্তি নিয়ম ২০২১ অনুসৰি আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰি দিয়া হৈছে । হোৱাটছএপে ৪১টা অভিযোগৰ ভিত্তিত এই একাউণ্টবোৰ বন্ধ কৰি দিছে ।

তথ্য প্ৰযুক্তি(Intermediary Guidelines and Digital Media Ethics Code) নিয়ম ২০২১ ৰ অধীনত ১-৩১ আগষ্ট পৰ্যন্ত প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী অভিযোগ নিষ্পত্তি প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, হোৱাটছ এপে ভাৰতৰ ব্যৱহাৰকাৰীৰ পৰা ডাকযোগে, ই-মেইলযোগে ৪২০ টা অভিযোগ লাভ কৰিছে ৷

ইয়াৰ ভিতৰত ৪১ টা অভিযোগৰ ভিত্তিত একাউণ্টসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লয় হোৱাটছ এপে । হোৱাটছ এপৰ মুখপাত্ৰই কৈছে যে, প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী অভিযোগ নিষ্পত্তি প্ৰতিবেদনত ব্যৱহাৰকাৰীয়ে দিয়া অভিযোগ আৰু হোৱাটছএপৰ দ্বাৰা লোৱা সংশ্লিষ্ট পদক্ষেপৰ বিষয়ে বিষদভাৱে উল্লেখ কৰা হৈছে । লগতে হোৱাটছ এপৰ অপব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে হোৱাটছ এপে নিজাকৈ প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিব । ১৬ জুনৰ পৰা ৩১ জুলাইলৈ হোৱাটছএপে নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰি, ভাৰতত 30.2 লাখ একাউণ্ট নিষিদ্ধ কৰিছিল ।

হোৱাটছ এপৰ প্ৰথম মাহিলী অভিযোগ নিষ্পত্তি প্ৰতিবেদনত উল্লেখ থকা মতে, প্লেটফৰ্মটোৱে ভাৰতত ২০ লাখ একাউণ্ট নিষিদ্ধ কৰিছিল । এই ব্যৱহাৰকাৰীসকলে সৰ্বাধিক হাৰত ক্ষতিকাৰক অৰ্থাৎ আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল । মুখপাত্ৰগৰাকীয়ে লগতে জনায় যে, অধিক হাৰত আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাত বাধা দিয়াৰ বাবে আৰু এনে বাৰ্তা প্ৰেৰণ কৰা একাউণ্টবোৰ চিনাক্ত কৰাত হোৱাটছ এপে গুৰুত্ব দি আহিছে ।

লগতে পঢ়ক: ত্ৰিপুৰাত চাৰি NLFT সদস্যৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details