নিউজ ডেস্ক, ৯ জানুৱাৰী :বছৰটোৰ প্ৰথম মাহত এটা শক্তিশালী বিত্তীয় পৰিকল্পনা কৰাটো অতি গুৰুত্বপূৰ্ণ (secure plan for financial freedom) । কৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ আৰু গোলকীয় মন্দাৱস্থাৰ দৰে ভাবুকিৰ মাজত আহিছে ২০২৩ বৰ্ষটো । আনহাতে, মুদ্ৰাস্ফীতি, বৰ্ধিত সুতৰ হাৰ আৰু হ্ৰাস হোৱা উপাৰ্জনে আপোনাৰ সন্মুখত বহুতো প্ৰশ্ন উত্থাপন কৰিব পাৰে । বিগত বছৰৰ পৰা অৰ্জন কৰা অভিজ্ঞতাৰ পৰা আপুনি ২০২৩ চনৰ বাবে পৰিকল্পনা কৰিব লাগিব । আগন্তুক বছৰ আৰু তাৰ পিছতো আপোনাৰ বিত্তীয় ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কি পদক্ষেপ অনুসৰণ কৰিব লাগিব তাত এবাৰ চকু ফুৰাও আহক ।
বিগত দুটা বছৰত মানুহে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে । সেয়ে বৰ্তমান কোনো ধৰণৰ চিন্তা নথকা এটা সঠিক পৰিকল্পনা প্ৰস্তুত কৰাৰ সময় । আমেৰিকান মনোবিজ্ঞানী আব্ৰাহাম মাছলোৱে (American psychologist Abraham Maslow) মানুহৰ প্ৰয়োজনীয়তাক পিৰামিড বুলি বৰ্ণনা কৰিছিল । মানুহৰ মূল তিনিটা মৌলিক প্ৰয়োজনীয়তা হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান । এইকেইটাৰ নিশ্চিতিৰ ওপৰতে প্ৰথমতে প্ৰাধান্য দিব লাগিব । তাৰ পিছত আপোনাৰ মানসিক শান্তি আৰু বিত্তীয় সুৰক্ষাৰ বাবে আপোনাৰ সঞ্চয় গুৰুত্বপূৰ্ণ ।
নতুন বছৰত বিত্তীয় স্বাধীনতা লাভ কৰিবলৈ (achieve financial freedom), আপোনাৰ ঘৰলৈ লৈ যোৱা দৰমহাৰ কমেও 10 শতাংশ ৰাহি কৰিব লাগিব । সম্ভৱ হ'লে 20 শতাংশ জমা ৰাখিব । জৰুৰীকালীন অৱস্থাৰ বাবে স্থায়ী জমা (FD) এটাত আপোনাৰ মাহিলি উপাৰ্জনৰ তিনিৰ পৰা ছয় গুণ জমা কৰক । টকা ৰাহি কৰিবলৈ ৰেকাৰিং জমা (Recurring Deposit) ব্যৱহাৰ কৰক । নিয়মীয়াকৈ বাজেট প্ৰস্তুত কৰক । নিশ্চিত কৰিব যাতে আপোনাৰ সকলো উপাৰ্জন আৰু ব্যয়ৰ হিচাপ কৰা হয় । সঞ্চয় বৃদ্ধি কৰিবলৈ ব্যয় হ্ৰাস কৰাৰ মৌলিক নীতিটো নাপাহৰিব ।
এই কথা সত্য যে কেৱল এক বা দুই শতাংশ লোকৰহে স্বাস্থ্য বীমা আছে (health insurance) । নতুন কোভিড প্ৰকাৰে (New Covid variants) বহুতো দেশক প্ৰভাৱিত কৰিছে । সেয়ে আমি আমাৰ প্ৰস্তুতিক অৱহেলা কৰা উচিত নহয় । 2023 চনত পৰ্যাপ্ত জীৱন আৰু স্বাস্থ্য বীমা আঁচনি লওক । আপোনাৰ গোটেই পৰিয়ালৰ বাবে বিত্তীয় সুৰক্ষা নিশ্চিত কৰিবলৈ আপোনাৰ বাৰ্ষিক উপাৰ্জনৰ কমেও 10 গুণ ম্যাদী বীমা (term insurance) আৰু 10 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি ল'ব লাগিব ।