নিউজ ডেস্ক, ৩ জুন : শুকুৰবাৰে ওড়িশাত সংঘটিত ভয়াৱহ ৰে'ল দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ (Triple train accident in Odisha) । উক্ত দুৰ্ঘটনাৰ পিছতে পুনৰবাৰ উত্থাপন হৈছে ভাৰতীয় ৰে'ল সেৱাত সুৰক্ষা ব্যৱস্থাৰ প্ৰসংগ (Safety measures in Indian railway) । তাৰ মাজতে ৰে'ল বিভাগে শনিবাৰে কয় যে ওড়িশাৰ বালাছোৰ জিলাত শুকুৰবাৰে নিশা তিনিখনকৈ ৰে'ল লাইনচ্যুত হোৱা পথটোত 'কৱচ' সুৰক্ষা ব্যৱস্থা উপলব্ধ নাছিল (Kavach safety system) । যাৰ বাবেই ২৮০ জনকৈ লোক এই পৰ্যন্ত মৃত্যমুখত পৰে । আনহাতে, আহত হয় প্ৰায় ৯০০ জন লোক । ইফালে ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই উদ্ধাৰ অভিযান সমাপ্ত হোৱা বুলি কৈ নিশ্চিত কৰে যে পথটোত কৱচ সুৰক্ষা ব্যৱস্থা উপলব্ধ নহয় ।
'কৱচ' কি : 'কৱচ' সুৰক্ষা প্ৰণালীৰ অৰ্থ হৈছে ভাৰতীয় ৰে'লৰ দ্বাৰা পৰিচালিত গতিশীল ৰে'লৰ সুৰক্ষা বৃদ্ধিৰ বাবে থলুৱা স্বয়ংক্ৰিয় ৰে'ল সুৰক্ষা (indigenous Automatic Train Protection Systems) ব্যৱস্থা । বিমান পৰিবহণৰ ক্ষেত্ৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ (ATC) দৰে, কৱচ সুৰক্ষা প্ৰণালীৰ উদ্দেশ্য হৈছে শীতকালত ঘন কুঁৱলীৰ দৰে প্ৰতিকূল বতৰৰ পৰিস্থিতিত ৰে'ল চলাচলত সহায় কৰাৰ উপৰি ৰে'ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ লোকোমোটিভ পাইলটসকলক ছিগনেল অতিক্ৰম কৰাৰ সময়ত বিপদ (Signal Passing At Danger) পৰিহাৰ কৰাত সহায় কৰা ।
কৱচৰ মুখ্য বৈশিষ্ট্যসমূহ : দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সংঘৰ্ষ-বিৰোধী পদক্ষেপ হিচাপে স্বয়ংক্ৰিয়ভাৱে ব্ৰেক প্ৰয়োগ কৰাৰ বিশেষ বৈশিষ্ট্য কৱচ ব্যৱস্থাত আছে । কৱচ ব্যৱস্থাৰ মুখ্য বিশেষত্ববোৰৰ ভিতৰত আছে কুঁৱলীৰ পৰিস্থিতিত উন্নত দৃশ্যমানতাৰ বাবে আৰু উচ্চ গতিত আৰু পোনপটীয়া লোকো-টু-লোকো যোগাযোগৰ বাবে কেবিনত স্বয়ংক্ৰিয় ব্ৰেক, লাইন-ছাইড ছিগনেল প্ৰদৰ্শনৰ ব্যৱস্থা ।