অসম

assam

ETV Bharat / bharat

কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়... - ভেঁকুৰৰ সংক্ৰমণ

কি এই "ব্লেক ফাংগাছ" বা "মিউকৰমাইকচি’চ" ? কি কি কাৰণত হ’ব পাৰে এই ৰোগ ? ব্লেক ফাংগাছ বা মিউকৰমাইকচি’চৰ সাধাৰণ লক্ষণবোৰ কি? কেনেদৰে বাচিব এই ৰোগৰ পৰা ? সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ...

what is black fungus or Mucormycosis?
কি এই "ব্লেক ফাংগাছ" ? জানক এই ৰোগৰ কাৰণ আৰু লক্ষণসমূহ

By

Published : May 19, 2021, 7:17 PM IST

Updated : May 19, 2021, 7:52 PM IST

নিউজ ডেস্ক, 19 মে’: দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দক্ষিণ ভাৰতত ক'ভিডৰ সমান্তৰালকৈ "ব্লেক ফাংগাছ" বা "মিউকৰমাইকচি’চ" নামৰ ভয়ংকৰ ৰোগবিধে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অসমতো ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী । কেৱল ধৰা পৰাই নহয়, বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এপল' হাস্পতালত মৃত্যুও ঘটিছে ৰোগীজনৰ । ৰাজধানী দিল্লীতো নতুনকৈ 40 গৰাকী ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷ ইফালে ব্লেক ফাংগাছে ভয়াৱহ ৰূপ লৈছে মায়ানগৰী মুম্বাইতো । মুম্বাইত এতিয়ালৈকে মিউকৰমাইকচি’চ বা ব্লেক ফাংগাছৰ কৱলত পৰিছে ১১১ গৰাকী লোক ।

কি এই "ব্লেক ফাংগাছ" বা "মিউকৰমাইকচি’চ" ?

দিল্লী, পুনে আৰু আহমেদাবাদৰ চিকিৎসালয়সমূহত ক’ভিডত আক্ৰান্ত ৰোগীৰ মাজত বিৰল মাৰাত্মক ভেঁকুৰৰ সংক্ৰমণ পুনৰ উদ্ভৱ হোৱাৰ বাতৰিৰ মাজতে শুকুৰবাৰে চিকিৎসকসকলে কয় যে, মিউকৰমাইকচি’চ বা ব্লেক ফাংগাছ হিচাপে পৰিচিত এই ৰোগৰ চিকিৎসা তাৎক্ষণিকভাৱে নকৰালে ই বিপদজনক হ'ব পাৰে ৷ এই ভেঁকুৰৰ সংক্ৰমণ মিউকৰমাইকচি’চ নামৰ ছাঁচৰ এটা গোটৰ দ্বাৰা হয় ৷

কি কি কাৰণত হ’ব পাৰে মিউকৰমাইকচি’চ ?

মিউকৰমাইকচি’চ বা ব্লেক ফাংগাছ হৈছে ভেঁকুৰৰ সংক্ৰমণৰ ফলত হোৱা এক ৰোগ । মানুহে পৰিৱেশত ভেঁকুৰৰ বীজাণুৰ সংস্পৰ্শলৈ আহি মিউকৰমাইকচি’চত আক্ৰান্ত হয় । ভেঁকুৰটো কটা, আচোৰা, জ্বলা-পোৰা বা অন্যান্য প্ৰকাৰৰ ছালৰ আঘাতৰ জৰিয়তে ছালত প্ৰৱেশ কৰাৰ পিছত ই ছালত বিকশিত হ'ব পাৰে । তদুপৰি, ডায়েবেটিচ ৰোগী আৰু যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোক ইয়াৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন ।

ব্লেক ফাংগাছ বা মিউকৰমাইকচি’চৰ সাধাৰণ লক্ষণবোৰ কি?

মিউকৰমাইকচি’চ আমাৰ কপাল, নাক, গালৰ হাড়ৰ পিছফালে আৰু চকু আৰু দাঁতৰ মাজত অৱস্থিত এয়াৰ পকেটত ছালৰ সংক্ৰমণ হিচাপে প্ৰকট হ'বলৈ আৰম্ভ কৰে । তাৰ পিছত ই পৰ্যায়ক্ৰমে চকু আৰু হাঁওফাঁওলৈ বিয়পি পৰে; আনকি মগজুলৈও বিয়পিব পাৰে । ইয়াৰ ফলত নাকৰ ওপৰত ক'লা বা বিৱৰ্ণ হয়, অস্পষ্ট বা দ্বৈত দৃষ্টি, বুকুৰ বিষ, উশাহত অসুবিধা আৰু তেজ কাঁহ হয় ।

ব্লেক ফাংগাছ বা মিউকৰমাইকচি’চৰ পৰা বাচিবলৈ কি কি কৰিব ?

1. যদি আপুনি ধূলিময় নিৰ্মাণ স্থানলৈ গৈছে তেন্তে মাস্ক ব্যৱহাৰ কৰক ৷

2. মাটি (বাগিচা)ৰ কাম কৰোতে জোতা, দীঘল ট্ৰাউজাৰ, দীঘল হাতৰ চাৰ্ট আৰু হাতমোজা পিন্ধিব ৷

3. ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব ৷

4. পৰামৰ্শ অনুসৰি, ডায়েবেটিচ নিয়ন্ত্ৰণ কৰি, ইমিউনোমডুলেটিং ঔষধ বন্ধ কৰি, ষ্টেৰইড হ্ৰাস কৰি ৰোগটো নিয়ন্ত্ৰণ কৰিব পাৰি ৷

ব্লেক ফাংগাছ বা মিউকৰমাইকচি’চৰ পৰা বাচিবলৈ কি কি নকৰিব ?

1. সতৰ্কবাৰ্তা চিহ্ন আৰু লক্ষণবোৰক অৱজ্ঞা নকৰিব ৷

2. অৱৰুদ্ধ নাকৰ সৈতে থকা সকলো বোৰ ঘটনাক বেক্টেৰিয়াৰ চাইনাচাইটিছৰ ঘটনা হিচাপে বিবেচনা নকৰিব, বিশেষকৈ ইমিউনোচাপ্ৰেচন বা ইমিউনোমডুলেটৰৰ ক’ভিড ৰোগীৰ ক্ষেত্ৰত ।

3. ভেঁকুৰৰ ইটিঅ'লজী চিনাক্ত কৰাৰ বাবে উপযুক্ত অনুসৰি অনুসন্ধান বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব ৷

4. মিউকৰমাইকচি’চ বা ব্লেক ফাংগাছৰ চিকিৎসা আৰম্ভ কৰিবলৈ গুৰুত্বপূৰ্ণ সময় অপচয় নকৰিব ৷

লগতে পঢ়ক: অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

Last Updated : May 19, 2021, 7:52 PM IST

ABOUT THE AUTHOR

...view details