অসম

assam

ETV Bharat / bharat

Chopper crash inquiry : ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ - মানবেন্দ্ৰ সিঙৰ নেতৃত্বত হ'ব এই ত্ৰি সেৱা তদন্ত

হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ চীফ অৱ ডিফেন্স ষ্টাফৰ মৃত্যু হোৱাৰ পাছতে ঘটনাৰ ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh orderes tri service inquiry)। স্থল,নৌ আৰু বায়ু সেনাৰ দ্বাৰা গঠিত সমিতিয়ে কৰিব এই তদন্ত । এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙৰ নেতৃত্বত হ'ব এই ত্ৰি-সেৱা তদন্ত ।

Chopper crash inquiry
ত্ৰি সেৱা তদন্তৰ নিৰ্দেশ ৰাজনাথ সিঙৰ

By

Published : Dec 10, 2021, 12:59 PM IST

নেশ্যনেল ডেস্ক,১০ ডিচেম্বৰ :তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁ পত্নী মধুলিকা ৰাৱাট আৰু আন ১১ গৰাকীৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰা দেখা গৈছে (IAF chopper crash in Tamilnadu)। কিন্তু ইয়াৰ মাজতে বহুতৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হৈছে । হেলিকপ্টাৰ দুৰ্ঘটনাটো প্ৰকৃততে কাৰ ভুলৰ বাবে সংঘটিত হৈছিল ? ইতিমধ্যে এই দুৰ্ঘটনাৰ তদন্ত ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।

লক্ষণীয়াভাৱে আকস্মিক দুৰ্ঘটনাটোৰ ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে (Rajnath Singh orderes tri service inquiry) । এয়াৰ মাৰ্শ্বেল মানবেন্দ্ৰ সিঙৰ নেতৃত্বত হ'ব এই ত্ৰি-সেৱা তদন্ত । কিন্তু কি এই ত্ৰি-সেৱা তদন্ত (What is a tri-service inquiry)?

ব্ৰিগেডিয়াৰ ড০ বি কে খান্নাই ইটিভি ভাৰতক জনোৱা মতে এনে ধৰণৰ তদন্তত তিনিওটা সেৱা ক্ৰমে স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাক সমিতিত অন্তৰ্ভুক্ত কৰা হয় । এই তদন্তত ব্লেক বক্স আৰু হেলিকপ্টাৰৰ বাকী ধ্বংসাৱশেষৰ পুংখানুপুংখ অনুসন্ধান কৰা হ'ব । বিষয়াগৰাকীয়ে জনোৱা মতে এনে ধৰণৰ অনুসন্ধানত চাৰিটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত থাকে মানুহৰ ভুল,যান্ত্ৰিক বিজুতি, বতৰৰ পৰিস্থিতি আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণ ।

তেওঁ লগতে কয় যে সাধাৰণতে কেৱল বায়ু সেনাৰ বিষয়াসকলৰ দ্বাৰাহে হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্ত কৰা হয় ৷ কিন্তু যিহেতু দুৰ্ঘটনাটোত চিডিএছৰ মৃত্যু হৈছে সেয়েহে ত্ৰি-সেৱা তদন্তৰ নিৰ্দেশ দিয়া হৈছে । বৃহস্পতিবাৰে আৰম্ভ হোৱা প্ৰাথমিক অনুসন্ধানত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ু সেনাৰ Mi-17V5 হেলিকপ্টাৰৰ পৰা হেলিকপ্টাৰৰ ফ্লাইট ৰেকৰ্ডাৰ বা ব্লেক বক্সটো উদ্ধাৰ কৰা হৈছে । এই শোকাৱহ দুৰ্ঘটনাটোৰ পূৰ্বৰ অন্তিম মিনিটৰ গুৰুত্বপূৰ্ণ বিৱৰণবোৰ ব্লেক বক্সটোৱে পোহৰলৈ আনিব । বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সংশ্লিষ্ট কৰ্তৃপক্ষই দুৰ্ঘটনাস্থলীৰ পৰা ৩০০ মিটাৰৰ পৰা ১ কিলোমিটাৰৰ ভিতৰত ব্লেক বক্সটো উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক :ৰাৱাটক শেষ শ্ৰদ্ধাজ্ঞলি জনাবলৈ পালম এয়াৰবেছত ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details