অসম

assam

By

Published : Feb 18, 2021, 2:12 PM IST

ETV Bharat / bharat

টুলকিট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত দিশা ৰৱিক

দেওবাৰে দিল্লী আৰক্ষীয়ে কৃষক প্ৰতিবাদৰ লগত জড়িত ‘টুলকিট’ এটা ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰাৰ অভিযোগত বেংগালুৰুৰ এগৰাকী ২১ বছৰীয়া জলবায়ু কৰ্মী, দিশা ৰৱিক আটক কৰে ৷

টুলকিট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত দিশা ৰৱিক
টুলকিট শ্বেয়াৰ কৰি আৰক্ষীৰ জালত দিশা ৰৱিক

নিউজ ডেস্ক,18 ফেব্ৰুৱাৰী:

‘টুলকিট’ কি আৰু ইয়াক কিয় দিল্লী আৰক্ষীয়ে লক্ষ্য কৰি লৈছে; এক বিশ্লেষণ

কৃষক প্ৰতিবাদৰ লগত জড়িত ‘টুলকিট’ এটা ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰাৰ অভিযোগত বেংগালুৰুৰ এগৰাকী ২১ বছৰীয়া জলবায়ু কৰ্মী, দিশা ৰৱিক বিগত দেওবাৰে আৰক্ষীয়ে আটক কৰে ৷ উল্লেখ্য যে, দিশাক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷ দিল্লী আৰক্ষীয়ে মন্তব্য কৰে যে দিশা ৰৱি আছিল “টুলকিট গুগুল ডক” ফাইলটোৰ সম্পাদক সকলৰ এজন আৰু উক্ত ‘ডকুমেণ্ট’টোক কেনেকৈ সজোৱা তথা প্ৰচাৰ চলোৱা হ’ব তাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত কৰ্মী গৰাকীক অভিযুক্ত কৰে ৷ পৰৱৰ্ত্তী পৰ্যায়ত ছুইডিশ্ব জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গে শ্বেয়াৰ কৰা ‘টুলকিট’টো বিতৰণ কৰাৰ অভিযোগতো দিল্লী আৰক্ষীয়ে কৰ্মী গৰাকীক অভিযুক্ত কৰে ৷ ছুইডিশ্ব জলবায়ু কৰ্মী গৰাকীয়ে ‘টুলকিট’ বোলা এই গুগুল ডকুমেন্টটো ৫ ফেব্ৰুৱাৰীত টুইটাৰ যোগে শ্বেয়াৰ কৰে যদিও পৰৱৰ্ত্তী পৰ্যায়ত উক্ত প’ষ্টটো ‘ডিলিট’ কৰি দিয়ে ৷ পাচত তেওঁ উক্ত ডকুমেন্টটোৰ এটা ‘আপডেটেত’ সংস্কৰণ শ্বেয়াৰ কৰে; যিটো শ্ব’ছেল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল৷ পৰৱৰ্ত্তী পৰ্যায়ত আৰক্ষীয়ে ‘টুলকিট’টো নিৰ্মাণ কৰা “প্ৰ’-খালিস্তান” নিৰ্মাণকাৰী সকলৰ বিৰুদ্ধে “ভাৰত চৰকাৰৰ বিৰুদ্ধে সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক যুদ্ধ” আৰম্ভ কৰাৰ বাবে এটা গোচৰ ৰুজু কৰে ৷

জানিব পৰা মতে, ফৌজাদাৰী ষড়যন্ত্ৰ, ৰাষ্ট্ৰ দ্ৰোহিতা আৰু ভাৰতীয় দণ্ডবিধিৰ আনকেইটামান ধাৰাৰ অভিযোগত গোচৰটো পঞ্জীয়ণ কৰা হৈছে ৷ এই গোচৰটোত বৰ্তমান পলায়নৰত অধিবক্তা নিকিটা জেকব আৰু অভিযন্তা শান্তনু মুলুকৰ বিৰুদ্ধে অজামিনযোগ্য চনম জাৰি কৰিছে ৷ তেন্তে, এই সমগ্ৰ বিতৰ্ক যাক কেন্দ্ৰ কৰি চলিছে সেই ‘টুলকিট’ আচলতে কি ? সাধাৰণতে টুলকিট হৈছে এনে এবিধ ডকুমেন্ট বা পত্ৰিকা যাক কোনো এটা বিষয়ৰ বিষয়ে বৰ্ণনা কৰিবলৈ নিৰ্মাণ কৰা হয় ৷ কোনো এটা নিৰ্দিষ্ট সমস্যাক লৈ চলি থকা প্ৰচাৰ বা প্ৰতিবাদক জীয়াই ৰাখিবলৈ তথা সাৰ পানী যুগুতাবলৈ টুলকিট এক মূল্যৱান সজুলি ৷

বিশেষকৈ কোনো এটা সমস্যা যেতিয়া প্ৰকত হৈ পৰে তেতিয়া সেই সমস্যাটোৰ সংক্ৰান্তত ব্যৱহাৰিক পৰামৰ্শ তথা নিৰ্দেশনা দিবলৈ এই টুলকিট নিৰ্মাণ কৰা হয় ৷ এটা সমস্যাক কেনেকৈ সম্বোধন কৰিব লাগে তথা বুজিব লাগে সেই বিষয়েও কোনো টুলকিটে তথ্যৰ যোগান ধৰিব পাৰে ৷ এই দস্তাবেজত প্ৰতিবাদ আৰু গণ আন্দোলন বোৰৰ বিৱৰণ, প্ৰাথমিক সমস্যা সমূহ, আবেদন সমূহ আৰু বিতং তথ্যপাতি অন্তৰ্ভুক্ত থাকিব পাৰে ৷ গ্ৰেটা থানবাৰ্গে শ্বেয়াৰ কৰা টুলকিটটোত এনেদৰে বৰ্ণনা কৰা হৈছিল, “ভাৰতবৰ্ষত চলি থকা কৃষক প্ৰতিবাদৰ বিষয়ে যিসকল অৱগত নহয় তেওঁলোকক এই প্ৰতিবাদৰ সৈতে পৰিচয় কৰাই দিবলৈ; লগতে সেই পৰিস্থিতিক ভালকৈ বুজি পাবলৈ তথা তেওঁলোকৰ নিজৰ বিশ্লেষণৰ ভিত্তিত সেই কৃষক সকলক কেনেকৈ সমৰ্থন আগবঢ়াব তাৰ বাবে এই ডকুমেন্ট টো নিৰ্মান কৰা হৈছে ৷

কৃষক প্ৰতিবাদটোক সমৰ্থন জনোৱাৰ উদ্দেশ্যে টুইটাৰত খলকনিৰ সৃষ্টি কৰা আৰু ভাৰতীয় দূতাবাসবোৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা আদিৰ দৰে কিছুমান কাৰ্যপন্থাক ডকুমেন্টটোত তালিকাভুক্ত কৰা হৈছিল ৷ কিন্তু কিয় এই টুলকিটক দিল্লী আৰক্ষীয়ে লক্ষ্য কৰি লৈছে ? দিল্লী আৰক্ষীৰ মতে গ্ৰেটা থানবাৰ্গে শ্বেয়াৰ কৰা আৰু দিশা ৰৱিয়ে সম্পাদনা কৰা ‘টুলকিট’টোত এক নিৰ্দিষ্ট অংশত উল্লেখ কৰা হৈছে যে “২৬ জানুৱাৰী বা তাৰ আগে পিচে হেশ্বটেগৰ জৰিয়তে ডইজিটেল আক্ৰমণ কৰা, ২৩ জানুৱাৰীৰ পৰা টুইটাৰত খলকনিৰ সৃষ্টি কৰা, ২৬ জানুৱাৰীত শাৰিৰীকভাৱে যোগদান কৰা আৰু কৃষক সকলৰ দিল্লী তথা সীমান্তলৈ কৰা পদযাত্ৰাত যোগদান কৰা নাইবা নিৰিক্ষণ কৰা”৷

দিল্লী আৰক্ষীৰ অধিকাৰী সকলে মন্তব্য কৰে যে, কৃষক প্ৰতিবাদৰ সমৰ্থনকাৰী “প্ৰ’-খালিস্তানী” উপাদান সম্বলিত ‘টুলকিট’টো “ভাৰতৰ ভাৱমূৰ্তি বিনষ্ট কৰা”ৰ লক্ষ্যৰে শ্বেয়াৰ কৰা হৈছিল ৷

গ্ৰেটা থানবাৰ্গ আৰু অন্যান্য কিছু লোকে টুইটাৰ যোগে কৃষক প্ৰতিবাদৰ সমৰ্থনত শ্বেয়াৰ কৰা ‘টুলকিট’ টোৰ নিৰ্মাণকাৰী সকল সম্পৰ্কীয় ই-মেইল আই ডি, ইউ আৰ এল আৰু শ্ব’ছেল মিডিয়া একাউন্টৰ তথ্যৰ যোগান ধৰিবলৈ দিল্লী আৰক্ষীয়ে পূৰ্ৱে গুগুল আৰু আন আন শ্ব’ছেল মিডিয়া দিগ্গজ সকলক কৈছিল ৷ এইয়া হৈছে কৃষক সকলৰ ট্ৰেক্টৰ শোভাযাত্ৰাৰ সময়ত ২৬ জানুৱাৰীত দেশৰ ৰাজধানীত হোৱা সংঘাতৰ পৰৱৰ্ত্তী পৰ্যায়ৰ কথা ৷ উল্লেখ্য যে গণতন্ত্ৰ দিৱসৰ দিনা সংঘতিত হোৱা উক্ত সংঘাতত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে আহত হৈছিল ৫ শতাধিক আৰক্ষী জোৱান ৷ তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদ তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা তিনিমাহত ভৰি দিছেহি ৷ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ কৃষকে কেন্দ্রই বলৱৎ কৰা এই নতুন আইন কেইখনক বাতিল কৰিবলৈ আন্দোলন কৰি কৈছে যে চৰকাৰ কৰ্পৰেটমুখী হৈ পৰিছে আৰু ই মাণ্ডী ব্যৱস্থাক দূৰ্বল কৰি তুলিব ৷ কেন্দ্ৰ আৰু বিভিন্ন ৪১ টা কৃষক সংগঠনৰ সৈতে হোৱা এঘাৰ দফীয়া আলোচনা অনুষ্ঠিত হোৱাৰ পাচতো অচলাৱস্থা দূৰ হোৱা নাই ৷ যদিও কৃষকসকলে ১৮ মাহৰ বাবে আইন কেইখন স্থগিত ৰাখিবলৈ প্ৰস্তাৱ দিছিল কিন্তু কেন্দ্ৰই এই প্ৰস্তাৱ মানিবলৈ মান্তি নহয় ৷

ছামিয়া লটিফ

ABOUT THE AUTHOR

...view details