অসম

assam

ETV Bharat / bharat

Wrestlers sexual harassment case : ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান - Brijbhushan Sharan Singh

আদালতৰ নিৰ্দেশনা অনুসৰি মঙলবাৰে ৰউজ এভিনিউ আদালতত হাজিৰ হয় ব্ৰীজ ভূষণ শৰণ সিং আৰু ফেডাৰেশ্যনৰ প্ৰাক্তন সম্পাদক বিনোদ তোমাৰ । আদালতে তেওঁক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । ২০ জুলাইত নিয়মীয়া জামিনৰ শুনানি গ্ৰহণ কৰা হ'ব ।

Wrestlers sexual harassment case
ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান

By

Published : Jul 18, 2023, 4:55 PM IST

নেশ্যনেল ডেস্ক,১৮ জুলাই :ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান আদালতৰ । মহিলা মল্লযুঁজাৰুসকলক যৌন নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত মঙলবাৰে ব্ৰীজ ভূষণে আদালতত হাজিৰ হৈছিল । আদালতে তেওঁক ২৫,০০০ টকাৰ ব্যক্তিগত বণ্ডত দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে । নিয়মীয়া জামিনৰ শুনানি বৃহস্পতিবাৰে অৰ্থাৎ ২০ জুলাইত অনুষ্ঠিত হ'ব । তেওঁ অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং যশপালৰ আদালতত হাজিৰ হৈছিল ।

ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিং আৰু প্ৰাক্তন সম্পাদক বিনোদ তোমাৰক ৰউজ এভিনিউ আদালতে মাতি পঠিয়াইছিল । ১৮ জুলাইত অৰ্থাৎ আজি আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । ইয়াৰ পাছতে তেওঁ মঙলবাৰে আবেলি আদালতত হাজিৰ হয় । বগা ধুতি-কুৰ্তা আৰু ডিঙিত গামোচা লৈ ব্ৰীজ ভূষণ শৰণ সিঙে আদালত কক্ষত উপস্থিত হয় আৰু সেই সময়ত আদালত কক্ষও ভিৰ হৈ আছিল । তেওঁৰ প্ৰৱেশৰ পাছতে আৰক্ষীয়ে লোকসকলক আদালত কক্ষলৈ যোৱাত বাধা প্ৰদান কৰে ।

বিশেষ ৰাজহুৱা অধিবক্তা অতুল শ্ৰীবাস্তৱৰ মতে অভিযোগনামাখন আইপিচিৰ ৩৫৪, ৩৫৪ডি, ৩৪৫এ আৰু ৫০৬(১) ধাৰাৰ অধীনত দাখিল কৰা হৈছিল । মল্লযুঁজাৰুসকলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল । এখন পস্কো আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছিল । কেইবাগৰাকী মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত দ্বিতীয়খন এজাহাৰ দাখিল কৰা হৈছিল । ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে পক্সো গোচৰৰ প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি পাটিয়ালা হাউচ আদালতত বাতিলকৰণৰ প্ৰতিবেদন দাখিল কৰিছিল ।

উল্লেখ্য যে ৬ গৰাকী প্ৰাপ্তবয়স্ক মহিলা মল্লযুঁজাৰুৱে ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছিল । দিল্লী আৰক্ষীয়ে ১৫ জুনত গোচৰটোত অভিযোগনামা দাখিল কৰিছিল ।

লগতে পঢ়ক :Wrestlers harassment case: আজি আদালতত হাজিৰ হ'ব ব্ৰীজ ভূষণ শৰণ সিং

ABOUT THE AUTHOR

...view details