নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ :ভাৰতীয় মল্লযুঁজ ফেডাৰেচন চমুকৈ WFI ৰ নতুন সভাপতিৰ বাবে সকলোৱে বহুদিন ধৰি অপেক্ষা কৰি আছিল । মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিংহক অপসাৰণ কৰাৰ পাচত মল্লযুঁজ ফেডাৰেচনৰ নির্বাচন অনুষ্ঠিত কৰাত কিছু পলম হৈছিল ৷ যাৰ বাবে মল্লযুঁজ ফেডাৰেচনে কোনো নতুন সভাপতিক সভাপতিত্বৰ দায়িত্ব দিয়া নাছিল ৷
অৱশেষত ২১ ডিচেম্বৰত WFI নিৰ্বাচন সম্পূৰ্ণ হয় । ইতিমধ্যে এই নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হৈছে । এই নিৰ্বাচনৰ ফলাফল অনুসৰি সঞ্জয় সিঙে নিৰ্বাচনত জয়লাভ কৰিছে । এতিয়া সঞ্জয় সিং হৈছে WFI ৰ নতুন সভাপতি । তথ্য অনুসৰি, ইউ পি ৰেছলিং এছ’চিয়েশ্যনৰ উপ সভাপতি সঞ্জয় সিঙে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেওৰাণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ তেওঁ বৃহস্পতিবাৰে নিৰ্বাচনত অনিতা শ্বেওৰানক পৰাস্ত কৰিছিল ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, ‘‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নিৰ্বাচন অনুষ্ঠিত হৈছে । ইয়াৰ বাহিৰে কোনে কি কৈছে আৰু কি নাই তাক লৈ আমি চিন্তা নকৰো । আমি যৎপৰোনাস্তি চেষ্টা কৰিম খেলুৱৈসকলক সহায় কৰাৰ লগতে তেওঁলোকক এটা ভাল পৰিৱেশ দিয়াৰ ব্যৱস্থা কৰিম ।’’
এই নিৰ্বাচনত অনিতা শ্বেওৰাণৰ বিৰুদ্ধে ৪০টা ভোট লাভ কৰি সঞ্জয় সিঙে সভাপতি হয় । অনিতা শ্বেওৰাণৰ দলটোৱেও ২ টা পদত জয়লাভ কৰিছে । দেৱেন্দ্ৰ কাদিয়ানে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ উপ-সভাপতিৰ পদ লাভ কৰাৰ বিপৰীতে প্ৰেম লোচাবক সন্থাৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে । ইয়াৰ পূৰ্বে লোচাব ৰে’লৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।