অসম

assam

ETV Bharat / bharat

পুনৰ আৰম্ভ হ'ব মুম্বাইৰ স্থানীয় ৰেল সেৱা - মহাৰাষ্ট্ৰ চৰকাৰৰ সিদ্ধান্ত মৰ্মে ১ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম ৰেলৱে পুনৰ আৰম্ভ কৰিব মুম্বাই স্থানীয় ৰেল সেৱা

সুদীৰ্ঘ দহ মাহৰ অন্তত পুনৰ মুম্বাইৰ স্থানীয় ৰেল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত পশ্চিম ৰেলৱেৰ । লক ডাউনৰ পৰা বন্ধ আছিল এই ৰেল সেৱা ।

পুনৰ আৰম্ভ হ'ব মুম্বাইৰ স্থানীয় ৰেল সেৱা
পুনৰ আৰম্ভ হ'ব মুম্বাইৰ স্থানীয় ৰেল সেৱা

By

Published : Jan 30, 2021, 12:07 PM IST

নিউজ ডেস্ক, ৩০ জানুৱাৰী: মুম্বাই স্থানীয় ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম ৰেলৱে । অতিমাৰী কৰ'ণা ভাইৰাছৰ সংকট কালছোৱাত দেশজুৰি আৰম্ভ হোৱা লক ডাউনৰ ফলত বন্ধ ৰখা হৈছিল মুম্বাই স্থানীয় ৰেল সেৱা । তৎস্বত্বেও কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰৰ সিদ্ধান্ত মৰ্মে ১ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম ৰেলৱে পুনৰ আৰম্ভ কৰিব মুম্বাই স্থানীয় ৰেল সেৱাৰ ।

পশ্চিম ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া চুমিত ঠাকুৰে সকলো যাত্ৰীৰ বাবে চেনিটাইজ কৰিছে বুলি জনায় । যাতে যাত্ৰীসকলে ভিৰ নকৰি সামাজিক দূৰত্ব বজাই ৰাখে তাৰ বাবে পৰৱৰ্তী সময়ত প্ৰৱেশ,প্ৰস্থান আৰু টিকট কাউন্টাৰৰ সংখ্যা বৃদ্ধি কৰিব আৰু প্ৰতিটো সময়তে ৰেলৱে আৰক্ষীৰ লগতে বিষয়া, কৰ্মচাৰীসকল ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত থাকিব বুলিও জনায় বিষয়াগৰাকীয়ে ।

ইয়াৰোপৰি সকলো যাত্ৰীকে COVID-১৯ প্ৰটকল মানি চলিবলৈ আহ্বান জনায় চুমিত ঠাকুৰে ।

উল্লেখ্য যে,লকডাউনৰ ফলত প্ৰায় দহ মাহৰ বাবে যাত্ৰীসকলৰ বাবে মুম্বাইৰ স্থানীয় ৰেল সেৱা বন্ধ হৈ আছিল ।

লগতে পঢ়ক:আজি মথুৰাত কৃষকসকলৰ 'মহাপঞ্চায়ত'

For All Latest Updates

ABOUT THE AUTHOR

...view details