আগৰতলা,6 জুন:এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে অভিযান চলাই প্ৰায় 75 লাখ টকাৰ নগদ ধন, 13 গ্ৰাম ব্ৰাউন চুগাৰ, 150 য়াবা টেবলেট, 572 গ্ৰাম সোণৰ লগতে 45,000 বাংলাদেশী ধন জব্দ কৰে ৷ সামগ্ৰীখিনি ত্ৰিপুৰাৰ এ ডি নগৰৰ সমীৰ বণিক নামৰ এজন লোকৰ পৰা জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি অভিযুক্ত সমীৰ বণিকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
অভিযান সন্দৰ্ভত দক্ষিণ ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ্বৰ ৰেড্ডীয়ে কয়, ‘গোপন সূত্ৰ তথ্যৰ ভিত্তিত সদৰ এছডিপিঅ’ (SDPO) আৰু আমতলী এছডিপিঅ’ (SDPO)ৰ নেতৃত্বত দুটা দল গঠন কৰা হয় ৷ দুয়ো দলে পৃথকে পৃথকে অভিযুক্ত সমীৰ বণিকৰ বত্তলা বজাৰস্থিত দোকান আৰু এ ডি নগৰৰ বাসগৃহত অভিযান চলায় ৷ প্ৰায় পাঁচ ঘণ্টা জুৰি চলে এই অভিযান ৷