নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়তে পশ্চিমবংগৰ বুকুৱেদি বৈ যোৱা তীস্তা নদীৰ জলস্তৰ ফেনে ফুটুকাৰে বাঢ়িছে ৷ এই বিপৰ্যয় মাৰ নৌযাওঁতেই শুকুৰবাৰে তিস্তা নদীত উটি অহা মৰ্টাৰ বিস্ফোৰণ হৈ দুজন লোক নিহত হোৱাৰ লগতে 6 জন লোক আহত হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ক্ৰান্তি খণ্ডৰ চাপাডাংগা অঞ্চলত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত তিস্তা নদীত সেনাৰ বহু যুদ্ধ সামগ্ৰী ওপঙি আহিছে ৷ এতিয়ালৈ তিস্তা নদীৰ পৰা সেনাই ব্যৱহাৰ কৰা মৰ্টাৰ আৰু অন্যান্য অস্ত্ৰ আৰু গাড়ীৰ অংশ উদ্ধাৰ কৰা হয় ৷ তাৰ মাজতে তীস্তা নদীত কাঠ সংগ্ৰহ কৰিবলৈ যোৱা কিছু লোকে নদীৰ পানীত ওপঙি থকা বাকচ দুটামান প্ৰত্যক্ষ কৰিছিল ৷ ইয়াৰ এটা বাকচ এজন লোকে খুলোতেই বাকচটোৰ ভিতৰত থকা মৰ্টাৰ বিস্ফোৰিত হৈ এই শোকাৱহ ঘটনা সংঘটিত হয় ৷
ইতিমধ্যে এনডিআৰএফ, অসামৰিক প্ৰতিৰক্ষা আৰু আৰক্ষী কৰ্মীয়ে তীস্তা নদীত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে নদীখনৰ পৰা কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে যুদ্ধত ব্যৱহৃত যন্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰা হৈছিল ৷ ঘটনাটোত চাইনুৰ আলম (7)ৰ মৃত্যু হোৱাৰ বিপৰীতে লতিফা খাতুন, লাকু মহম্মদ (14), ৰুকছানা পাৰবিন, ৰমজান আলী (65), আৰু গুমেৰ আলী (50) আহত হয় ৷