নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ লক্ষ্য কৰি তীব্ৰ বাক্যবাণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাডডাৰ । বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে জে পি নাডডাই কয় যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নন্দীগ্ৰাম সমষ্টিত নিশ্চিতভাৱে পৰাজিত হ'ব । সেয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে আন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰি আছে বুলিও মন্তব্য কৰে । তেওঁ কয় যে, এয়া মমতা বেনাৰ্জীৰ এক কৌশল ।
নাড্ডাই লগতে কয় যে, তেওঁলোকে এই বিষয়ে ভালদৰে জানে আৰু তেওঁলোকৰ হাতত তথ্য আছে যে, বেনাৰ্জীয়ে আন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰি আছে । এই তথ্য তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে তেওঁক জানিবলৈ দিছে বুলিও নাড্ডাই মন্তব্য কৰে । অৱশ্যে, মমতা বেনাৰ্জীয়ে আন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ত নিশ্চয়তা নাই বুলিও তেওঁ জানিবলৈ দিয়ে । কিন্তু নন্দীগ্ৰাম সমষ্টিত নিশ্চিতভাৱে পৰাজয় বৰণ কৰিব বুলি তেওঁ দাবী কৰে ।