নেশ্যনেল ডেস্ক,২৮ মাৰ্চ: পশ্চিমবংগৰ হুগলীৰ বিজেপি সাংসদ লকেট চেটাৰ্জীৰ অভিযোগ । শনিবাৰে হুগলীৰ এক অনুষ্ঠানত 'ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ' থকা ৰং তেওঁৰ মুখত পেলাই দিয়া বুলি অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে । এই কাৰ্য তৃণমূল কংগ্ৰেছ (টিএমচি)এ সংঘটিত কৰা বুলি অভিযোগ চেটাৰ্জীৰ । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় 'মোৰ ওপৰত এক কঠিন পদাৰ্থ পেলাই দিয়া হৈছিল । মই দেখিছিলো যে, ৩-৪ জন বেজ পিন্ধি থকা টিএমচিৰ লোকে মোৰ ওচৰত আহি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পেলাই দিছিল' ।
উল্লেখ্য যে, চেটাৰ্জীয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত হুগলী জিলাৰ চিনচুৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইফালে, জিপি প্ৰধান বিদ্যুত বিশ্বাসে ভেৰণীয়া গুণ্ডাৰ সহায়ত এই কুকাৰ্য সংঘটিত কৰাৰ অভিযোগ । এই কাৰ্যক বংগ বিজেপিয়ে টুইটযোগে গৰিহণা দিয়ে ।