নিউজ ডেস্ক, ১২ জুলাই :সদ্যসমাপ্ত পশ্চিমবংগ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা মঙলবাৰে পুৱা আৰম্ভ হয় । পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পুনৰবাৰ যথেষ্ট সফলতা লাভ কৰা দেখা গৈছে । অৱশ্যে চূড়ান্ত ফলাফল এতিয়াও আহিবলৈ বাকী আছে । বুধবাৰে পুৱা ৬ বজালৈকে লাভ কৰা ফলাফল অনুসৰি, মুঠ ৯৭৩০ খন পঞ্চায়ত সমিতিৰ ভিতৰত ৭১৫৪ খনৰ ফলাফল ঘোষণা কৰা হৈছে । ইয়াৰে ভিতৰত তৃণমূলে ৫৯৯৮ খন আসন লাভ কৰিছে ।
আনহাতে, ইয়াৰ বিপৰীতে বিজেপিয়ে ৭০৬ খন, বাঁওপন্থীয়ে ১৪২ খন, কংগ্ৰেছে ১৪৩ খন আৰু অন্যান্যই ২৬৫ খন আসন লাভ কৰিছে । নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি, পুৱা ৬ বজালৈকে মুঠ ৬৩,২২৯ খন গাঁও পঞ্চায়তৰ ভিতৰত ৫৯,৬৩৭ টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে । ইয়াৰে ভিতৰত তৃণমূলে ৪২,০৯৭ খন গাঁও পঞ্চায়তত সফলতা লাভ কৰিছে । ইয়াৰ উপৰি বিজেপিয়ে ৯২২৩ খন, বাঁওপন্থীয়ে ৩০২১ খন, কংগ্ৰেছে ২৪০৩ খন আসন লাভ কৰে আৰু অন্যান্যই ২,৮৬৬ খন আসন লাভ কৰে ।
মালদাত ৪৩ জিলা পৰিষদৰ আসনত ২৬ খনত তৃণমূলে জয়লাভ কৰিছে । ইয়াত বিজেপিয়ে ২ খন আসন লাভ কৰে । আনহাতে, কংগ্ৰেছে চাৰিখন আসনত জয়লাভ কৰে । ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে অভিযোগ কৰে যে তৃণমূলৰ প্ৰাৰ্থীসকল নিৰ্বাচনত পৰাজিত হৈছে, কিন্তু তেওঁলোকক পুনৰ ভোটগণনাৰে জয়ী কৰাৰ প্ৰচেষ্টা চলি আছে । জলপাইগুৰি জিলা পৰিষদত তৃণমূল কংগ্ৰেছে ক্লিন চুইপ কৰিছে। ইয়াৰ উপৰি জিলাখনৰ ৯ খন পঞ্চায়ত সমিতিও তৃণমূল কংগ্ৰেছৰ নিয়ন্ত্ৰণলৈ আহিছে ।