অসম

assam

ETV Bharat / bharat

WB Panchayat poll results: 6 শতাধিক বুথত পুনৰ ভোটগ্ৰহণৰ পাচত আজি পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

8 জুলাইত ভোটগ্ৰহণৰ দিনা প্ৰায় 5 শতাধিক বুথ কেন্দ্ৰত ৰিগিং, বলপূৰ্বক বুথ দখল, ভোটাৰক ভীতি প্ৰদৰ্শন আদি সংঘটিত হোৱাৰ পাচত ভোট গ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰা হৈছিল ৷ নিৰ্বাচন আয়োগৰ পৰামৰ্শকৰ পাচত সোমবাৰে 696 টা বুথত পুনৰ সম্পন্ন হয় ভোটগ্ৰহণ ৷

By

Published : Jul 11, 2023, 6:43 AM IST

West Bengal Panchayat polls
West Bengal Panchayat polls

নেশ্যনেল ডেস্ক, 11 জুলাই: নজীৰবিহীন হিংসাৰে জৰ্জৰিত পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনত 696 টা বুথত ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পাচত আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ভোট গ্ৰহণ ৷ উল্লেখ্য যে 8 জুলাইত ভোটগ্ৰহণৰ দিনা প্ৰায় 5 শতাধিক বুথ কেন্দ্ৰত ৰিগিং, বলপূৰ্বক বুথ দখল, ভোটাৰক ভীতি প্ৰদৰ্শন আদি সংঘটিত হোৱাৰ পাচত ভোট গ্ৰহণ প্ৰক্ৰিয়া বাতিল কৰা হৈছিল ৷ নিৰ্বাচন আয়োগৰ পৰামৰ্শৰ পাচত সোমবাৰে 696 টা বুথত পুনৰ সম্পন্ন হয় ভোটগ্ৰহণ ৷

ৰাজ্যখনত শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত হৈ মমতা চৰকাৰৰ একাধিক গ্ৰেপ্তাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত মমতা বেনাৰ্জী চৰকাৰৰ জনপ্ৰিয়তাৰ একপ্ৰকাৰৰ পৰীক্ষা হিচাবে যথা সময়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত (৮ জুলাই) কেইবাটও হিংসাত্মক ঘটনাত 15জনৰো অধিক লোকৰ মৃত্যু হৈছিল ৷ আজি ঘোষণা হ’ব লগা নিৰ্বাচনৰ ফলাফলে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল বিজেপিয়ে পশ্চিম বংগত কিদৰে সাংগঠনিক ভেটি দৃঢ় কৰিছে তাৰ ইংগিত দিব ৷

আজি প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত ভোটগণনা হ’ব ৷ ইয়াৰ পাচতহে জিলা সমিতি আৰু জিলা পৰিষদৰ বাবে ভোটদান কৰা সকলৰ ভোট গণনা কৰা হ’ব ৷ ভোট গণনা প্ৰক্ৰিয়াত কেন্দ্ৰসমূহ CCTVৰে নিৰীক্ষণ কৰা হ’ব আৰু কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হ’ব ৷

ইফালে, প্ৰাক-নিৰ্বাচনী হিংসাৰ ফলত ক্ষতিগ্ৰস্ত জিলাসমূহভ্ৰমণ কৰি পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যপাল চি ভি আনন্দ বসুৱে ভৱিষ্যতে একে হিংসাত্মক ঘটনাৰ পুনৰাবৃত্তি নহওক বুলি আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:BJP on WB Violence : কেন্দ্ৰীয় বাহিনী ইচ্ছাকৃতভাৱে মোতায়েন কৰা হোৱা নাছিল; বংগৰ হিংসা সন্দৰ্ভত বিজেপি

ABOUT THE AUTHOR

...view details