নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ :পশ্চিমবংগৰ মন্ত্ৰী সুব্ৰত সাহাক বুধবাৰে মূৰ্শিদাবাদত সন্ধিয়া একাংশ লোকে আক্ৰমণ কৰে । আৰক্ষীয়ে জনোৱা মতে, এই আক্ৰমণৰ পৰা কোনো মতে ৰক্ষা পৰে খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যান শস্যৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক জিবান কৃষ্ণ সাহা । উত্তেজিত লোকসকলে সাহাৰ বাহনখনত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷
দুয়োগৰাকী নেতাই বিপ্ৰা শেখৰ অঞ্চলৰ এঘৰ লোকৰ ঘৰত উপস্থিত হোৱাৰ পাছতে এই ঘটনা সংঘটিত হয় । শেহতীয়াকৈ এক দুৰ্ঘটনাত এটা পৰিয়ালৰ প্ৰায় ৫ জনকৈ সদস্যই অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল । সেই দুৰ্ভগীয়া পৰিয়ালটোলৈ চৰকাৰে আৰ্থিক সাহায্যৰ ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত মৃতকক ২ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ সেই ঘৰটোত উপস্থিত হৈছিল সাহা ।
সেই সময়ত একাংশ উত্তেজিত লোকে দুয়োগৰাকী নেতাক আক্ৰমণ কৰে । অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে নেতা দুগৰাকীক সুৰক্ষিত স্থানলৈ পঠিয়াবলৈ সক্ষম হয় । ইতিমধ্যে এই আক্ৰমণত জড়িত থকাৰ অভিযোগত প্ৰায় ১২ জন লোকক আটক কৰা হৈছে ।