নেশ্যনেল ডেস্ক, ২ জানুৱাৰী :দেশত অব্যাহত আছে ক'ভিড-১৯ ৰ সংক্ৰমণ । ক'ভিডৰ আন প্ৰকাৰৰ লগতে অ'মিক্ৰণৰ সংক্ৰমণেও সকলোকে চিন্তিত কৰি তুলিছে । ইয়াৰ মাজতে পশ্চিমবংগৰ শক্তি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাস আক্ৰান্ত হৈছে কৰ'ণাত (Minister Arup Biswas tested covid positive)। দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে মন্ত্ৰীগৰাকীক শনিবাৰে কলকাতাৰ উডলেণ্ডচ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
West Bengal minister tested covid positive : পশ্চিমবংগৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাস ক'ভিড 19 ত আক্ৰান্ত - পশ্চিমবংগৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাস ক'ভিডত আক্ৰান্ত
দেশত ক'ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে পশ্চিমবংগৰ এগৰাকী মন্ত্ৰী আক্ৰান্ত হৈছে ক'ভিডত (Minister Arup Biswas tested covid positive) । বছৰৰ পহিলা দিনটোতে ক'ভিডত আক্ৰান্ত ৰাজ্যখনৰ মন্ত্ৰী অৰূপ বিশ্বাসক ভৰ্তি কৰোৱা হৈছে হাস্পতালত । সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।
![West Bengal minister tested covid positive : পশ্চিমবংগৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাস ক'ভিড 19 ত আক্ৰান্ত West Bengal minister tested covid positive](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-14071997-533-14071997-1641088004111.jpg)
পশ্চিমবংগৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাস ক'ভিডত আক্ৰান্ত
চিকিৎসালয়খনে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, মন্ত্ৰীগৰাকীক মনোক্ল'নেল এণ্টিব’ডি ককটেইল থেৰাপী (Monoclonal Antibody Cocktail Therapy) দিয়া হৈছে আৰু বৰ্তমান তেওঁ সুস্থিৰ হৈ আছে । বিজ্ঞপ্তিত উল্লেখ কৰা মতে, হাস্পতালখনৰ চিকিৎসক ডাঃ সৰোজ মণ্ডল, ডাঃ সৌতিক পাণ্ডা আৰু ডাঃ সপ্তৰ্শী বসুক লৈ গঠিত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।
লগতে পঢ়ক :COVID-19 : ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ১,৪৩১ লৈ বৃদ্ধি