নিউজ ডেস্ক, 30 আগষ্ট : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে বলীউডৰ অভিনেতা অমিতাভ বচ্চনক মুম্বাইস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ মেগাষ্টাৰ জনক সাক্ষাৎ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাখী বান্ধে ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বচ্চন পৰিয়ালৰ ছবি এতিয়া চৰ্চালৈ আহিছে ৷
31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়নমূলক অন্তৰ্ভুক্ত মিত্ৰজোঁটৰ (INDIA) দুদিনীয়া বৈঠকত অংশগ্ৰহণ কৰিবলৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মমতা বেনাৰ্জীয়ে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জুহুৰ বাসগৃহত উপস্থিত হয় ৷ মুম্বাই ভ্ৰমণৰ সময়ত অমিতাভ বচ্চনে মমতা বেনাৰ্জীক নিজৰ বাসগৃহত চাহ খাবলৈ নিমন্ত্ৰণ জনাইছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Karnataka: কংগ্ৰেছ শাসিত কৰ্ণাটকত গৃহ লক্ষ্মী আঁচনি মুকলি; 1 কোটি মহিলালৈ মাহিলি 2 হেজাৰ টকাৰ সাহায্য
অমিতাভ বচ্চনক সাক্ষাৎ কৰাৰ পাছত বংগৰ মুখ্যমন্ত্ৰী গৰাকীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে ৷ ভিডিঅ’টোত মমতা বেনাৰ্জীয়ে ‘আজি মই সুখী’ বুলি কোৱা দেখা গৈছে ৷ অমিতাভ বচ্চনক লগ পাই ৰাখীও বান্ধি দিলোঁ ৷ এই পৰিয়ালটো মোৰ বৰ ভাল লাগে ৷ ভাৰতৰ এক নম্বৰ পৰিয়াল ৷ তেওঁলোকৰ অৱদানও অপৰিসীম ৷ দুৰ্গা পূজা আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈও তেওঁক নিমন্ত্ৰণ জনাইছোঁ বুলিও কয় বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
যোৱা বছৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল অমিতাভ বচ্চনে ৷ য’ত ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন বঁটা প্ৰদান কৰিবলৈ দাবী জনাইছিল মমতা বেনাৰ্জীয়ে ৷
উল্লেখযোগ্য যে, আজি পৱিত্ৰ ৰাখী পূৰ্ণিমা ৷ পৰম্পৰাগতভাৱে দেশৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হৈছে ৰাখীবন্ধন ।
লগতে পঢ়ক :PM Candidate for INDIA Bloc : অৰবিন্দ কেজৰিৱাল ইণ্ডয়া মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হওক; আপ মুখপাত্ৰৰ দাবী