অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব বিজেপিয়ে

পশ্চিমবংগত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টী । দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মুকলি কৰিব নিৰ্বাচনী ইস্তাহাৰ ।

পশ্চিমবংগত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টী
পশ্চিমবংগত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টী

By

Published : Mar 18, 2021, 9:46 PM IST

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে পশ্চিমবংগত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব বিজেপিয়ে । গেৰুৱা দলটোৰ মুখ্য প্ৰতিদ্বন্দ্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে বুধবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে । এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে শিক্ষা, স্বাস্থ্য, খাদ্য, খোৱাপানী আৰু বিদ্যুতৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আশা কৰা হৈছে ।

এই নিৰ্বাচনী ইস্তাহাৰ জনতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে বুলি জানিব পৰা গৈছে । দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মুকলি কৰিব এই নিৰ্বাচনী ইস্তাহাৰ ।

লগতে পঢ়ক: বেংগালুৰুত হ'ব আৰএছএছৰ নিখিল ভাৰতীয় প্ৰতিনিধি সভা

ABOUT THE AUTHOR

...view details