নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: অসমৰ লগতে পশ্চিমবংগতো শনিবাৰে আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১ গৰাকী মহিলাকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত ইভিএমত বন্দী হ'ব । ৰাজ্যখনত পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৰ্ব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ত সাধাৰণ ভোটাৰৰ মুঠ সংখ্যা ৭৩৮০৯৪২ । ইয়াৰে ৩৭৫২৯৩৮ গৰাকী পুৰুষ ভোটাৰ, ৩৬২৭৯৪৯ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ৫৫ গৰাকী । ইফালে, কৰ্মচাৰী ভোটাৰৰ মুঠ সংখ্যা হৈছে ১১৭৬৭ । আনহাতে, প্ৰাপ্তবয়স্ক ভোটাৰ আছে প্ৰায় ১২৩৩৯৩ গৰাকী । তদুপৰি, ৪০৪০৮ গৰাকী শাৰীৰিকভাৱে সক্ষম লোকে ভোটদান কৰে লগতে তিনিজন বিদেশীও অন্তৰ্ভুক্ত আছে । ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন হৈছে ।
নিৰ্বাচন আয়োগে ১০২৮৮ টা ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰিছে । ইয়াৰে ৮২২৯ টা মুখ্য আৰু ২০৫৯ টা সহায়ক হিচাপে ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰিছে । লগতে আয়োগে ২১ জন সাধাৰণ পৰ্যবেক্ষক, ন গৰাকী ব্যয় পৰ্যবেক্ষক আৰু সাতগৰাকী আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বাংকুৰাৰ ৯২, পুৰ্বা মেদিনীপুৰৰ ১৬৯, পশ্চিম মেদিনীপুৰৰ ১৩৯, পুৰুলিয়াৰ ১৮৬ আৰু ঝাড়গ্ৰামৰ ১৪৪টাক ধৰি কেন্দ্ৰীয় বাহিনীৰ ৭৩০ গৰাকীক মোতায়েন কৰা হৈছে । ৰাজ্যখনত ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইফালে, ২ মে'ত ভোটগণনা হ'ব । মুঠ ২৯৪ খন আসনৰ বাবে পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয় ।